ETV Bharat / bharat

বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকাৰ পাচতো কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে পুনেৰ এগৰাকী মহিলা ৷ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মহিলাগৰাকী ৷

কৰ'ণা ভাইৰাছ
বিদেশ ভ্ৰমণ ইতিবৃত্ত নথকা মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি
author img

By

Published : Mar 21, 2020, 2:17 PM IST

নেশ্যনেল ডেস্ক, 21 মাৰ্চ : মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী 40 বছৰীয়া মহিলাৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকাৰ পাচতো আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ শনিবাৰে পুনেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে ৷

ভাৰতী হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ ডিঙিত সংক্ৰমণ হোৱাৰ পাচতে এই ঘটনা ধৰা পৰে ৷

কোনো বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাগৰাকীয়ে এখন বিবাহত অংশগ্ৰহণৰ বাবে 3 মাৰ্চত নবী মুম্বাইৰ বাশী ভ্ৰমণ কৰিছিল ৷

কালেক্টৰ নৱাল কিশোৰ ৰামে জানিবলৈ দিয়া অনুসৰি, "আমি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো ৷ তেওঁ Covid-19 ত আক্ৰান্ত হ'লেও বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নাই ৷ তেওঁ নিশ্চয় বিদেশ ভ্ৰমণ কৰা কোনো লোকৰ সংস্পৰ্শলৈ আহিছিল ৷"

কেবৰ জৰিয়তে মহিলাগৰাকীয়ে মুম্বাই ভ্ৰমণৰ ইতিবৃত্ত তদন্ত কৰি থকাৰ কথা জানিবলৈ দি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয়, "এনে ঘটনা সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কিছুমান পৃথক নিৰ্দেশনা আছে ৷"

এই সম্পৰ্কত তদন্ত অব্যাহত ৰাখিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দায়িত্ব অৰ্পন কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : বিশ্বব্যাপি 12 দিনত 1 লাখৰো অধিক লোক নতুনকৈ আক্ৰান্ত কৰ'না ভাইৰাছত

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.