-কাবেৰী বামজাই
অনাগত দিনত আপুনি চিনেমা হলত গ’লে কোনো কল্পবিজ্ঞান ভিত্তিক ছবিৰ দৃশ্য যেন অনুভৱ কৰিব । আপোনাৰ হাতত টিকটৰ সলনি এতিয়াৰে পৰা মোবাইলত থাকিব কিউ আৰ কোড । হাতেৰে ব্যৱহাৰ কৰা মেটেল ডিটেক্টৰৰ সলনি বিমান বন্দৰত থকাৰ দৰে থাকিব ড’ৰ ফ্ৰেম মেটেল ডিটেক্টৰ । টিকট পৰীক্ষক আৰু দৰ্শকৰ মাজত থাকিব এখন পাৰ্ছপেক্স গ্লাছ । প্ৰেক্ষাগৃহত থাকিব সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ আৰু ব্যৱস্থা । লগতে সকলোৱে নিজৰ নিজৰ মাস্ক আৰু চেনিটাইজাৰ লগত নিব লাগিব । যদি দৰ্শকসকলে থ্ৰীডি ছবি চাবলৈ যায় তেন্তে তেওঁলোকে লগত নিজাববীয়াকৈ থ্ৰীডি গ্লাছ লৈ যাব লাগিব ।
চিনেমা হলত এই নতুন ৰূপলৈ স্বাগতম । আশা কৰা হৈছে ১৫ জুনৰ পৰা ১৫ জুলাইলৈ এই প্ৰক্ৰিয়া আৰম্ভ হ’ব । অক্ষয় কুমাৰ, অজয় দেৱগণ, ৰণবীৰ সিং অভিনীত ৰোহিত ছেট্টীৰ ১৩৫ কোটি টকাৰ বিগ বাজেটৰ ছবি সূৰ্যবংশী, কপিল দেৱ হিচাপে ৰণবীৰ সিঙে অভিনীত কৰা কবিৰ খানৰ ৮৫ কোটি টকীয়া ৮৩, এশ কোটি টকাৰ ব্যয়সাপেক্ষ ৰাধে, ছলমান খান অভিনীত ইয়ৰ মষ্ট ৱাণ্টেড ভাই আদি আহিবলগীয়া ছবি মুক্তি দিবলৈ বলীউডে আৰু অধিক অপেক্ষা কৰিব নোৱাৰে । কিছুসংখ্যক ছবিনিৰ্মাতা ইমানেই অধৈৰ্য হৈ পৰিছে যে তেওঁলোকৰ বহুতেই পোনে পোনে নিজৰ চিনেমাবোৰ অভাৰ দ্যা টপ (অ’ টি টি ) প্লেটফৰ্মত মুক্তি দিবলৈ সাজু আছে । দেশজুৰি ৬২০ খন স্ক্ৰীনৰ স্বত্ব থকা ইনক্স লেইজাৰে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয় । অ’ টি টিত গ্লোবেল প্ৰিমিয়াৰ কৰা গুলাবো চিটাবো ছবিখন প্ৰযোজকক ইনক্স লেইজাৰে ভাল দিনৰ বন্ধু বুলি আখ্যা দিয়াৰ লগতে শাস্তিমূলক ন্যায়ৰ কথা উল্লেখ কৰে । প্ৰডিউচাৰ গীল্ড অৱ্ ইণ্ডিয়াও একেদৰে তীব্ৰভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ঞণৰ সূতৰ বোজা, বীমা নথকা, চিনেমা হল খোলাকলৈ অনিশ্চয়তা, অব্যহৃত বা পৰিত্যক্ত ছেটৰ বাবে খৰচ হোৱা ধন আদি কাৰণৰ ফলত এনে সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি প্ৰযোজকৰ সংস্থাটোৱে দাবী কৰে ।
দেশৰ আঠশ পঞ্চাশখন পৰ্দা নিয়ন্ত্ৰণ কৰা পি ভি আৰৰ অধ্যক্ষ আৰু সঞ্চালক অজয় বিজলীয়ে এই পদ্ধতিত ভাগ লোৱাৰ পৰা বিৰত থাকে । বৰঞ্চ তেওঁ চিনেমাৰ যাদুৰ বিষয়েহে কয় । তেওঁৰ মতে এয়া প্ৰথাগত পৰিৱৰ্তন নহয়, এয়া এক ব্যতিক্ৰম । তেওঁ কয় যে, কোনো প্ৰযোজকে অনলাইন ষ্ট্ৰীমিঙৰ নামত পৰ্দাত চিনেমা চোৱাৰ যি অভিজ্ঞতা তাৰ পৰা দৰ্শকক বঞ্চিত কৰিব নিবিচাৰিব । এতিয়াও চিনামে এখনৰ ৪৫ শতাংশ ৰাজহ সংগ্ৰহ হয় চিনেমা হলৰ জৰিয়তে । বাকীখিনি সম্প্ৰচাৰ আৰু ডিজিটেল অধিকাৰৰ অন্তৰ্ভূক্ত ।
বক্স অফিচৰ ৰাজহ এতিয়াও ৰজাস্বৰূপ । কিন্তু বহু ছবি নিৰ্মাতাই অনুভৱ কৰে যে ডাঙৰ পৰ্দাৰ বাবে সৰু ছবি নিৰ্মাণ কৰাৰ দিন উকলি আহিছে । কৰ’ণা ভাইৰাছৰ পাচৰ পৃথিৱীখন বহুত সলনি হ’ব । অনাগত দিনত ছবিগৃহৰ পৰ্দাৰ বাবে নিৰ্মিত ভাৰতীয় ছবি আৰু ডাবিং কৰা হলীউডৰ ছবিসমূহে ভাৰতীয় বক্স অফিচৰ সামগ্ৰিক ৰাজহ সংগ্ৰহলৈ ১০ শতাংশ অৰিহণা যোগাব । ক্ষুদ্ৰ চিনেমা আৰু চিৰিজবোৰ ষ্ট্ৰীমিং প্লেটফৰ্মবোৰত চলিব । যিসকল ছবি নিৰ্মাতাই দুয়োধৰণে ছবি নিৰ্মাণ কৰিব পাৰে তেওঁলোক আনন্দিত । অণু মেননকে উদাহৰণ হিচাপে লোৱা যাওক । তেওঁ এমাজন প্ৰাইমৰ ফৰ ম’ৰ শ্বটছৰ প্ৰথম ছিজন পৰিচালনা কৰিছিল । একেদৰে বিদ্যা বালান অভিনীত শকুন্তলা দেৱীৰো তেওঁ পৰিচালক । ডাঙৰ পৰ্দাৰ বাবে নিৰমাণ কৰা ছবিখন এতিয়া এমাজন প্ৰাইমত চলি আছে । লগতে পেংগুইনত কীৰ্তি সুৰেশ, পংমাল ৱাণ্ডালত জ্যোতিকা, ছুফিয়াম ছুজাতায়ুমত অদিতি ৰাও হায়দাৰী আদি আঞ্চলিক ভাষাৰ আগশাৰীৰ অভিনেত্ৰীসকলৰ দ্বাৰা অভিনীত ছবিসমূহো চলি আছে । পৰিচালকগৰাকীয়ে কয় যে, এখন ছিৰিজ আৰু এখন চিনেমাৰ কাহিনী কোৱাৰ ছন্দ সম্পূৰ্ণৰূপে পৃথক । কিন্তু মই এজন কাহিনী কথক । মাধ্যমৰ কথা নাভাবি কেনেকৈ ভালদৰে মোৰ কাহিনীবোৰ ক’ব পাৰোঁ তাৰ প্ৰতিহে মই গুৰুত্ব দিওঁ ।
এনে কঠিন সময়ৰ মাজতো তেওঁৰ চিনেমাখন দুশখন দেশৰ বৃহৎ সংখ্যক দৰ্শকৰ কাষ চপাত মেনন আনন্দিত । জীৱনৰ সকলো কঠিন পৰিস্থিতিৰ মাজতো নিজৰ ইচ্ছা অনুযায়ী জীয়াই থকাৰ বাবে সংগ্ৰাম কৰা এগৰাকী মহিলাৰ কাহিনীৰে তেওঁৰ চিনেমাখন নিৰ্মাণ কৰা বুলি জনায় । পৰিয়ালৰ সৈতে উপভোগ কৰিব পৰা এহাল মাতৃ আৰু কন্যাৰ এয়া কাহিনী বুলি তেওঁ প্ৰকাশ কৰে ।
আন এটা ডাঙৰ প্ৰশ্ন হ’ল যে কেতিয়া আৰু কেনেকৈ শ্বুটিং আৰম্ভ হ’ব? কলা-কুশলীসকলৰ সুৰক্ষাৰ স্বাৰ্থত নিশ্চয়কৈ পৰিশ্কাৰ-পৰিচ্ছন্নতা আৰু আন প্ৰতিৰোধমূলক প্ৰট’কলসমূহ থাকিব লাগিব । প্ৰায় সম্পূৰ্ণ হোৱা, আধা সম্পূৰ্ণ হোৱা বা আৰম্ভ কৰিবলৈ প্ৰায় ওলোৱা বহু ছবি আছে । আমিৰ খান অভিনীত ফৰেষ্ট গাম্প ৰিমেক লাল সিং সাদ্ধা লপৰিচালনা কৰা আদ্বাইত চন্দনে কয় যে তেওঁৰ অভিনেতা- অভিনেত্ৰীসকল জ’নত আছিল আৰু ভালদৰে চিত্ৰগ্ৰহণ চলি আছিল । কাৰ্গিল যুদ্ধৰ বিশাল শ্বেটপীচ, মুম্বাই আৰু দিল্লীৰ কিছু দিনৰ শ্বুটিং মাত্ৰ বাকী আছে । যদিও বহু পৰিমাণে এক্স ভি এছৰ কাম বাকী আছে তথাপি পূৰ্ব নিৰ্ধাৰিত মুক্তিৰ সময় ডিচেম্বৰতে ছবিখন মুক্তি দিবলৈ সক্ষম হ’ব বুলি তেওঁ আশাবাদী । কাশ্মীৰৰ তিনিটা প্ৰজন্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ হ’বলগীয়া দীবাকৰ বেনাৰ্জীৰ নেটফ্লিক্সৰ ছবিখনৰ বাবে এটা দিনৰ শ্বুটিং বাকী আছে । অনুৰাগ কাশ্যপে নিৰ্মাণ কৰা প্ৰেম কাহিনী ভিত্তিক ছবিখনৰ বাবে চাৰি দিনৰ শ্বুটিং বাকী আছে । তেওঁলোক সকলোৱে পুনৰ আৰম্ভ কৰাৰ বাবে অপেক্ষা কৰি আছে । মোগল ৰাজত্বৰ কাহিনীৰে কৰণ জোহাৰে ২৫০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰিবলগীয়া তাখট ছবিখনৰ বাবে মুম্বাইত দুটা ছেট নিৰ্মাণ কৰিছিল । এতিয়া ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে জোহাৰে ।
কিন্তু বৰ্তমান পৰিস্থিতিত সকলো অনিশ্চিত । যদিও ছবি উদ্যোগে কমেও পাঁচ মিলিয়ন লোকক সংস্থাপন প্ৰদান কৰে তথাপি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মূল তালিকাত ই প্ৰাধান্য নাপায় । যিহেতু বহু চিনেমা হলত মলত আছে গতিকে দৰ্শকৰ বাবে সেয়াও বিপজ্জনক । আমেৰিকাত ১৭ জুলাইত খ্ৰীষ্টোফাৰ নোলানে তেওঁৰ বহু প্ৰতীক্ষিত টিনেট ছবিখন মুক্তি দিব আৰু ছবিখনে চিত্ৰগৃহলৈ পুনৰ জৰ্শক ঘূৰাই আনিব বুলি তেওঁ আশাবাদী । কিন্তু আমেৰিকাত উদ্যোগটো সম্পূৰ্ণ বেলেগ ধৰণে চলে । আমেৰিকাত চাৰিটাকৈ বিশাল ষ্টুডিঅ’ আৰু প্ৰদৰ্শকৰ চেইন আছে । এই সকলোবোৰ সিদ্ধান্ত ৰূপায়িত কৰিবলৈ মাত্ৰ কেইটামান ফোনৰ দৰকাৰ হয় । কিন্তু ভাৰতত প্ৰযোজকসকল বহুধা বিভক্ত আৰু প্ৰতি বছৰে আমাৰ দেশত এহাজাৰৰ পৰা বাৰশলৈকে ছবি নিৰ্মাণ হয় । আমেৰিকাত বছৰি নিৰ্মাণ হয় মাত্ৰ দুশখন চিনেমা ।
কিন্তু যদি চিনেমাৰ বাবে থকা ভোক ইমান হয় ভাইৰাছ এবিধে তাক নিঃশেষ কৰিব পাৰিব জানো?