ইণ্টাৰনেশ্বনেল ডেস্ক,17জুলাইঃ দক্ষিণ এচিয়াৰ ওপৰত ৰূষ্ট প্ৰকৃতি ৷ ভয়ংকৰ বিপদৰ গৰাহত দক্ষিণ এচিয়াৰ 6মিলিয়ন জনসাধাৰণ ৷ সংহাৰী বানৰ কৱলত সমগ্ৰ দক্ষিণ পূৱ এচিয়া ৷ শেহতীয়াকৈ ৰেড ক্ৰচ চ'চাইটিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই সংহাৰী বানৰ 1 মিলিয়ন ভুক্তভোগীয়ে অসমৰ ৷ বৰ্তমানলৈকে দক্ষিণ এচিয়াত মুঠ 100 জন মানুহে বানত প্ৰাণ হেৰুৱাৰ লগতে বানৰ সমানে সমানে বিভিন্ন ৰোগৰ প্ৰকোপ দক্ষিণ এচিয়াত বৃদ্ধি পোৱাৰে সম্ভাৱনা ৰেড' ক্ৰচ চ'চইটিয়ে প্ৰকাশ কৰিছে ৷ ইণ্টাৰনেশ্বনেল ফেডাৰেছন অৱ ৰেড' ক্ৰচ চ'চাইটিৰ আঞ্চলিক প্ৰৱন্ধক জেভিৰ্য়াচ কেচট্ৰানচৰ মন্তব্য ,
''সমগ্ৰ পৰিস্থিতি আমি সুক্ষ্ম ভাবে পৰ্যালোচনা কৰিছো ৷ বাঢ়ি অহা বৰষুণে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে ৷ সমগ্ৰ সম্প্ৰদায়টোৰ বৰ্হিঃ বিশ্বৰে যোগযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ যাৰ ফলস্বৰূপে অঞ্চলটোৰ মানুহখিনি ভোক আৰু ৰোগত সৈতে সংঘৰ্ষ কৰিবলগীয়া হোৱাৰো সম্ভাৱনা বাঢ়ি আহিছে ৷ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাংলাদেশ, নেপাল আৰু ভাৰতৰ প্ৰায় 1000 স্বেচ্ছাসেৱকে নিজৰ সেৱা আগবঢ়াই আহিছে ৷ কেচট্ৰানচৰ মন্তব্য অনুসৰি অকল ইমানেই নহয় এই স্বেচ্ছাসেৱক সকলে বানপানীৰ আগতেই সকলো ধৰণৰ সাহাৰ্য সামগ্ৰী মজুত কৰি ৰাখিছিল ৷ ''
অসমত বান, কি কয় ৰাষ্ট্ৰসংঘই!
নেপালতো পৰিস্থিতি অধিক বিষম হৈ উঠাৰ লগতে বাংলাদেশৰ এক তৃতীয়াংশ লোক বৰ্তমান বানৰ কৱলত ৷ বাংলাদেশৰ 18হাজাৰ মানুহ বানৰ কবলত পৰাৰ লগতে প্ৰায় 11হাজাৰ ঘৰ ক্ষতিগ্ৰস্থ হৈছে৷ ইয়াৰ উপৰিও বান আৰু 22ৰো অধিক ভূমিস্ফলনৰ ফলত বাংলাদেশৰ ক্ৰস্ক বজাৰ অঞ্চলত আশ্ৰয় লৈ থকা ৰহিংগীয়া শৰনাৰ্থী সকলো বিপদৰ সন্মুখীন হৈছে ৷ উল্লেখ্য যে, উক্ত অঞ্চলত প্ৰায় 900,000 ব্যক্তিয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ সংস্থাটোৰ তৰফৰ পৰা ভাৰত, বাংলাদেশ, নেপাল আৰু পাকিস্তানৰ ভুক্তভোগীসকললৈ সমবেদনা জ্ঞাপন কৰা হৈছে ৷