নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ ৰাজস্থানত মনৰেগা আঁচনিৰ অধীনত কৰ্মৰত প্ৰায় ১.১৩ কোটি শ্ৰমিক । এই শ্ৰমিকৰ কৰ্মদিন দুগুন কৰাৰ উদ্দেশ্য়ে দেওবাৰে কেন্দ্ৰীয় গ্ৰাম্য বিকাশ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ পত্ৰ । ১০০ দিনৰ পৰিৱৰ্তে ২০০ দিন কৰ্ম দিন বৃদ্ধি কৰাৰ আহ্বান উপ মুখ্যমন্ত্ৰীগৰাকীৰ ।
মনৰেগা আঁচনিখন হৈছে গ্ৰাম্যাঞ্চলৰ শ্ৰমিক আৰু দিন হাজিৰা কৰা লোক সকলৰ জীৱিকাৰ প্ৰধান আহিলা । বৰ্তমান লক ডাউনৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এই সকল দৰিদ্ৰ লোক । যাৰ বাবে ২০২০-২১ বৰ্ষত বিত্তীয় সাহায্য় হিচাপে এই সকল ভুক্তভোগী লোক সকলক মনৰেগা আঁচনিৰ অধীনত ১০০ দিনীয়া কৰ্মসূচীৰ সলনি প্ৰত্যেক পৰিয়ালৰ বাবে ২০০ দিনলৈ কৰ্মদিন বৃদ্ধি কৰাৰ কেন্দ্ৰক আহ্বান জনাইছে শচীন পাইলটে ।
উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, লক ডাউনৰ ফলত মনৰেগা আঁচনি কাৰ্যকৰি কৰাত অসুবিধাৰ সন্মুখীন হ'ব লাগিব । কিন্তু আঁচনিটোৰ বাবে পৰ্যাপ্ত ধন থকাটো অতিকৈ জৰুৰী । সেয়ে ৰাজ্য়ৰ সামগ্ৰী প্ৰমুখ্যৰ অধীনত ৩১০ কোটি outstanding ধনৰাশী জাৰী কৰাৰ লগতে অতিৰিক্ত ধন সোনকালে উপলব্ধ কৰিব লাগে, যাতে আঁচনি কাৰ্যকৰি কৰাত অসুবিধাৰ সৃষ্টি নহয় ।
ইয়াৰ লগতে মনৰেগা ভুক্তভোগী শ্ৰমিক, দিন-হাজিৰা কৰাৰ লোকক বিত্তীয় সাহায্য় প্ৰদান কৰাৰ এক উত্তম মাধ্য়ম বুলি কয় উপ মুখ্যমন্ত্ৰী শচীন পাইলটে ।