ETV Bharat / bharat

নিৰ্ভীক সাংবাদিক ৰবিশ কুমাৰলৈ 'মেগছেছে বঁটা' - undefined

2019 বৰ্ষৰ সন্মানীয় ৰমন মেগছেছে বঁটাৰ বাবে নিৰ্বাচিত হৈছে এন ডি টিভিৰ সংবাদিকজন ৷ কুমাৰৰ লগত আন 5 জন ব্যক্তিকো প্ৰদান কৰা হ'ব এই বটা

নিৰ্ভীক সাংবাদিক ৰবিশ কুমাৰক 'মেগছেছে বঁটা'
author img

By

Published : Aug 3, 2019, 12:52 PM IST

নেচনেল ডেক্স,3 আগষ্ট : দেশৰ আগশাৰীৰ জেষ্ঠ সংবাদিক ৰবিশ কুমাৰক প্ৰদান কৰা হৈছে এই বৰ্ষৰ মেগছেছে বঁটা ৷ কুমাৰক সম্বৰ্দ্ধনা জনাই বঁটা প্ৰদান কমিটিয়ে তেওঁক জনগণৰ কন্ঠ আখ্যা দিয়াৰ লগতে তেওৰ তথ্য সমৃদ্ধ সংযমী সংবাদিকতাৰ উচ্চ প্ৰশংসা কৰে ৷ ৰবিশ কুমাৰে আত ধৰা প্ৰাইম টাইম সন্দৰ্ভত মেগছেছে কমিটিয়ে কয় যে প্ৰকৃত ঘটনাৰ লগত সংগতি ৰাখি যিকোনো ধৰণৰ পৰিস্থিতি অতি সংযমৰে ভাৰসাম্য ৰক্ষা কৰি কুমাৰে নিজৰ অনুষ্ঠান পৰিৱেশন কৰি সংবাদিকতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে ৷ উল্লেখযোগ্য যে শাসক দল ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ব আদৰ্শৰ পৰা আৰম্ভ কৰি দেশৰ নাগৰিকৰ মৌলিক সমস্যাৰ সম্পৰ্কে সততে মাত মাতি আহিছে নিৰ্ভিক সংবাদিকজনে ৷ দেশত বৃদ্ধি পোৱা অৰাজক পৰিস্থিতিৰ ওপৰত সততে সৰৱ হৈ সাধাৰণ মানুহৰ মাজলৈ সত্যক লৈ যাবলৈ সক্ষম হৈছে জেষ্ঠ সংবাদিক ৰবিশ কুমাৰে ৷ তাৰেই পৰিণতি স্বৰূপে তেওঁক প্ৰদান কৰা হৈছে সন্মানীয় 'মেগছেছে বঁটা' ৷

NDTV's Ravish Kumar Wins Magsaysay Award For His Journalism

The Ramon Magsaysay Award Foundation says NDTV's Ravish Kumar's news programme, Prime Time, "deals with real-life, under-reported problems of ordinary people"

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.