নেশ্যনেল ডেস্ক, 26 আগষ্ট : মহাৰাষ্ট্ৰৰ ৰায়গড়ত 5 মহলীয়া অট্টালিকা খহি মৃত্যু হোৱা লোকৰ সংখ্যা 16 গৰাকীলৈ বৃদ্ধি পাইছে । ৰায়গড় জিলাৰ কাজপুৰ অঞ্চলৰ মাহাদত সোমবাৰে সন্ধিয়া ভাগত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । তাৰেক গাৰ্ডেন নামৰ অট্টালিকাটো খহি সোমবাৰে নিশা পৰ্যন্ত 12 জন লোকৰ মৃত্যু হয় । বুধবাৰে মৃতকৰ সংখ্যা 16 জনলৈ বৃদ্ধি পাইছে । 36 ঘণ্টাৰ পিছতো অব্যাহত আছে উদ্ধাৰ অভিযান ।
এতিয়াও অট্টালিকাৰ ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ আছে এজন লোক । 19 ঘণ্টাৰ ৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিছিল এটি 4 বছৰীয়া শিশু আৰু এগৰাকী 60 বছৰীয়া বৃদ্ধাক । মৃত লোকসকলৰ ভিতৰত আছে 5 জন পুৰুষ, 5 গৰাকী মহিলা, 2 টি কিশোৰ । আনহাতে, জীৱন্তে উদ্ধাৰ হোৱা 9 জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে । আৰক্ষীয়ে বিল্ডাৰসহ মুঠ 5 গৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । বিল্ডাৰ ফাৰুক কাজি, আৰ চি চি কনছালটেণ্ট বাহুবলী ধামনে আৰু গৌৰৱ শ্বাহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 304 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : 18 মাহৰ অন্তত পুলৱামা কাণ্ডৰ চাৰ্জশ্বিট দাখিল NIAৰ