নিউজ ডেস্ক, 5 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ'ণা ভাইৰাছ বিৰোধী যুঁজত দেশৰ সমূহ লোকৰ সংকল্পক প্ৰতিফলিত কৰিবলৈ, দেওবাৰে নিশা চাকি, টৰ্চ লাইট, মম আদি জ্বলাবলৈ দিয়া আহ্বানক পুনৰ সোঁৱৰাই দিয়ে । "#9pm9minute" লিখি টুইট কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক তেওঁৰ আহ্বান সোঁৱৰাই দিয়ে ।
উল্লেখ্য যে, প্ৰধামন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে দেশবাসীক সম্বোধি এক ভিডিঅ'যোগে 5 এপ্ৰিল অৰ্থাৎ দেওবাৰে সকলো লোককে নিশা 9 বজাত 9 মিনিটৰ বাবে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে দেশবাসীয়ে কৰা যুঁজক প্ৰতিফলিত কৰিবলৈ চাকি, টৰ্চ লাইট, মম আদি জ্বলাবলৈ আহ্বান জনাইছিল ।
লগতে পঢ়কঃ দেশবাসীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান