ETV Bharat / bharat

জাকিৰ নাইকৰ প্ৰত্যাৱৰ্তনৰ ওপৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক মোডীৰ

author img

By

Published : Sep 5, 2019, 9:19 PM IST

ৰুছৰ দুদিনীয়া ভ্ৰমণসূচীত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই ভ্ৰমণসূচীতেই মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে মোডী ৷ জাকিৰ নাইকৰ প্ৰত্যাৱৰ্তনৰ ওপৰত আলোচনা কৰা হৈছে এই বৈঠকত ৷

জাকিৰ নাইকৰ প্ৰত্যাৱৰ্তনৰ ওপৰত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক মোডীৰ

নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাতিৰ বিন মহম্মদৰ সৈতে বৃহস্পতিবাৰে এক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠকত দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণ আৰু দ্বি-পাক্ষিক সম্বন্ধৰ ওপৰত চৰ্চা কৰা হয় ৷ ইয়াৰ লগতে ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেয়ে উল্লেখ কৰে যে, জাকিৰ নাইকৰ প্ৰত্যাৱৰ্তনৰ বিষয়টোৰ ওপৰত এই বৈঠকত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা কৰা হৈছে ৷

pm-meets-malaysian-pm-raises-issue-of-zakir-naiks-extradition

বিংশ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন মঞ্চৰ পঞ্চম ইষ্টাৰ্ন ইকনমিক ফৰাম (Eastern Economic Forum) ত ভাগ লোৱাৰ উদ্দেশ্যে দুদিনীয়া ৰুছৰ ভ্ৰমণত আছে মোডী ৷ এই বৈঠকৰ অন্ত পৰিব অহা 6 ছেপ্তেম্বৰত ৷

মোডীৰ এই ভ্ৰমণ পূৰ্বে নতুন দিল্লীত ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেয়ে কয় এই যাত্ৰাত দুয়োখন দেশৰ মাজত হাইড্ৰ’কাৰ্বন ক্ষেত্ৰতো সহযোগিতা বৃদ্ধিৰ ওপৰত বিশেষ আলোচনা কৰা হ’ব বুলি উল্লেখ কৰিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.