ETV Bharat / bharat

COVID-19: ছীল হ'ল উত্তৰ আৰু মধ্য কলকাতাৰ কেইবাটাও স্থান

কলকাতা আৰক্ষীয়ে শুকুৰবাৰে উত্তৰ কলকাতাৰ বিস্তৰ অঞ্চল আৰু মধ্য কলিকতাৰ বস্তি অঞ্চলকে ধৰি কিছু অংশক ছীল কৰি দিয়ে । এই অঞ্চলসমূহৰ পৰা নতুনকৈ COVID-19ত আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ অহাৰ পিচতে ছীল কৰি দিয়া হৈছে ।

Parts of north, central Kolkata sealed after COVID-19 positive cases reported

author img

By

Published : Apr 20, 2020, 7:53 AM IST

নেশ্যনেল ডেস্ক, 18 এপ্ৰিলঃ উত্তৰ কলকাতাৰ বৃহৎ অঞ্চল আৰু মধ্য কলকাতাৰ কিছু অংশ কলকতা আৰক্ষীয়ে শুকুৰবাৰে ছীল কৰি দিয়ে । মধ্য কলকাতাৰ ছীল হোৱা অংশৰ ভিতৰত কেবাটাও বস্তি অঞ্চল আছে । এই অঞ্চলসমূহৰ পৰা কেবাটাও COVID-19ৰ কেচ পোহৰলৈ আহিছে ।

এই ক্ষেত্ৰ সমূহৰ আশে-পাশে সকলো ৰাস্তা আৰু গলি আৰক্ষীৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছে যাতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যাতে শক্তিশালী স্থিতি ল'ব পাৰে তাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰে ।

অঞ্চলসমূহৰ চাৰিওকাষ সুৰক্ষা বেষ্টনী আৰু বেৰিকেটেৰে আবৰি পেলোৱা হৈছে । বাহিৰৰ অঞ্চলৰ পৰা কোনো লোক যাতে সেই স্থান সমূহলৈ যাব নোৱাৰে আৰু সেই স্থানৰ পৰাও যাতে কোনো লোক ওলাব নোৱাৰে তাৰ বাবে প্ৰসাশনে ব্যৱস্থা গ্ৰহণ কৰিছে ।

দক্ষিণ কলকাতাৰো কিছু অংশ, যিসমূহৰ পৰা COVID-19ত আক্ৰান্ত লোক পোৱা গৈছে, সেইসমূহ অঞ্চলতো সম্পূৰ্ণৰূপে লক ডাউন জাৰি কৰা হৈছে । সেই অঞ্চলসসমূহলৈ অহা লোকৰ অহা-যোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে তীক্ষ্ন নজৰ ৰাখিছে ।

কলকাতা পৌৰ নিগমৰ কৰ্মচাৰীসকলে সেই অঞ্চসমূহৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে, COVID-19ৰ লক্ষণ সমূহৰ বিষয়ে লোকক অৱগত কৰাইছে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে, ৰাজ্যখনত COVID-19ৰ আক্ৰান্ত ৯০ শতাংশ লোকেই কলকাতা আৰু হাওৰাৰ । বৰ্তমান এই দুয়ো স্থানেই COVID-19ৰ ৰেড জোন তথা হটস্পট হিচাপে ঘোষিত হৈছে ।

লগতে পঢ়কঃ প্ৰয়োজন হ'লে ৰেড জ'ন অঞ্চলত মোতায়েন কৰা হ'ব সশস্ত্ৰ বাহিনী: মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.