নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ: পাক সেনাই জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ হীৰানগৰ ছেক্টৰত আন্ত:ৰাষ্ট্ৰীয় সীমান্তত আক্ৰমণ কৰে। সীমা সুৰক্ষা বলৰ চকী আৰু জনবসতিপূৰ্ণ অঞ্চলত গুলীবৰ্ষণ কৰে। ভাৰতীয় পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি সীমা সুৰক্ষা বলে পাক সেনাৰ আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিয়ে। সীমান্তৰ সতপাল, মন্যাৰী, কাৰোল কৃষ্ণ আৰু গুৰনাম অঞ্চলত মঙলবাৰে পুৱা ৯.১০ বজাত গুলীয়াগুলি আৰম্ভ হয়। বুধবাৰে পুৱা ৪.৩০ বজালৈকে দুয়ো পক্ষৰ মাজত গুলীয়াগুলি অব্যাহত থাকে। পাক সেনাৰ আক্ৰমণত কেইবাটাও বসগৃহ ক্ষতিগ্ৰস্ত হোৱাত পৰিয়ালকেইটা মাটিৰ তলত থকা বাংকাৰত আশ্ৰয় ল'বলগীয়া হয়।
লগতে পঢ়ক:কেবিনেটৰ বিভিন্ন বিভাগৰ বিষয়বাব বিতৰণ বিহাৰৰ মুখ্যমন্ত্ৰীৰ