নিউজ ডেস্ক, ১০ এপ্ৰিলঃ উত্তৰ-পশ্চিম দিল্লীত শুকুৰবাৰে গোচৰ ৰুজু কৰা হয় ৩০ জন ব্যক্তিৰ বিৰুদ্ধে । মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰ ওলাই যোৱাৰ বাবেই ব্যক্তিকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীয়ে ।
এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি, উত্তৰ-পশ্চিম জিলাৰ বিভিন্ন অঞ্চলত মাস্ক পৰিধাণ নকৰাৰ বাবেই মুঠ ৩২ ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।
দিল্লীত ঘৰৰ পৰা বাহিৰ ওলোৱা ব্যক্তিসকলৰ বাবে মাস্ক পৰিধাণ অনিবাৰ্য কৰি তুলিছিল দিল্লী চৰকাৰে ।
আনহাতে, দিল্লীত চৰকাৰী নিয়ম নমনা আৰু লক ডাউন উলংঘা কৰাৰ অপৰাধত বৰ্তমানলৈকে ১৯০ টা গোচৰ ৰুজু কৰাৰ উপৰিও ৩,৯৫৪ জন লোকক আটক কৰে ।