নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ: এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমযোগে জনায় যে, কংগ্ৰেছৰ নেতা আহমেদ পাটিল, চি পি আইৰ ডি ৰাজা, চি পি আই (এম)ৰ চিতাৰাম য়েচুৰী, ডি এম কেৰ কানিমোঝি আৰু আৰ জে ডিৰ নেতা মনোজ ঝাৰ দৰে বিৰোধী দলৰ নেতাই বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰিব ৷ দিল্লীৰ সংঘৰ্ষ সংক্ৰান্তীয় তদন্তত উদ্বেগ প্ৰকাশৰ বাবে নেতা কেইগৰাকীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে ৷
দুপৰীয়া প্ৰায় 12:30 বজাত নেতা কেইগৰাকীয়ে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক সাক্ষাৎ কৰিব বুলি জনায় বিষয়া গৰাকীয়ে ৷
"আমি দিল্লী কাণ্ডৰ তদন্ত আৰক্ষীয়ে কিদৰে পৰিচালনা কৰিছে সেই বিষয়ে জানিবলৈ এখন স্মাৰক প্ৰদান কৰিম ৷ তাতে কি ঘটিছিল সেয়াও আমি ব্যাখ্য়া কৰিম আৰু তাতে হস্তক্ষেপৰ কামনা কৰিম" বুলি উল্লেখ কৰে চি পি আইৰ সাধাৰণ সম্পাদকে ৷
লগতে পঢ়ক: কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত 39,300 কোটিৰ আঁচনি গ্ৰহণ য়েডিউৰাপ্পা চৰকাৰৰ