নেশ্যনেল ডেস্ক, 10 মে' : পুলিৎজাৰ বৰ্ডলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰিছে বিভিন্ন ক্ষেত্ৰৰ প্ৰায় 100 জন বিশিষ্ট লোকে ৷ কাশ্মীৰৰ দুই ফটো সাংবাদিকক পুলিৎজাৰ বঁটা প্ৰদান কৰাৰ বিৰোধিতা কৰি প্ৰেৰণ কৰা হয় এই পত্ৰ ৷ পত্ৰখনৰ জৰিয়তে মিছা সাংবাদিকতা, তথ্যৰ ভুল ব্যাখ্যা আৰু বিভাজনতা সৃষ্টি কৰাক পুলিৎজাৰ বৰ্ডৰ জুৰিয়ে উৎসাহ যোগোৱা বুলি উল্লেখ কৰিছে ৷
কাশ্মীৰৰ জনজীৱন সম্পৰ্কত ফটো তুলি Feature Photography কেটেগৰীত 2020 চনৰ পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ফটো সাংবাদিক চান্নি আনন্দ, মুখতাৰ খান আৰু দাৰ য়াছিনে ৷
মুকলি পত্ৰত এই লোকসকলে খান আৰু য়াছিনক বঁটা প্ৰদান কৰাৰ বিৰোধিতা কৰে ৷ এই দুই সাংবাদিকে ফটোৰ তলত কেপচন হিচাপে 'ভাৰত অধিকৃত কাশ্মীৰ' ব্যৱহাৰ কৰা বুলি তেওঁলোকে দাবী কৰে ৷
লগতে পত্ৰত কোৱা হয় যে, মুক্ত সাংবাদিকতাক উৎসাহিত কৰিবৰ বাবেহে পুলিৎজাৰ বঁটা প্ৰদান কৰা হয় ৷ কিন্তু, খান আৰু য়াছিনক এই বঁটা প্ৰদান কৰাৰ ফলত মিছা সাংবাদিকতা আৰু ফটোগ্ৰাফীক উৎসাহ যোগোৱা, তথ্যৰ ভুল ব্যাখ্যা আৰু বিভাজনতা সৃষ্টিক প্ৰচাৰ কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰা হয় ৷
ইয়াৰোপৰি, পত্ৰৰ জৰিয়তে এই লোকসকলে উল্লেখ কৰে যে, খান আৰু য়াছিনৰ দৰে চান্নি আনন্দে কেপচনত 'ভাৰত অধিকৃত কাশ্মীৰ' ব্যৱহাৰ কৰা নাই ৷ কেপচনত উল্লেখ কৰা 'কাশ্মীৰ প্ৰশাসন আৰু ভাৰত চৰকাৰে এই অঞ্চলটোৰ স্বাধীনতা খৰ্ব কৰিছে আৰু অঞ্চলটোত জনসম্পৰ্কৰক্ষী মাধ্যমসমূহ বন্ধ কৰি দিছে' বুলি কোৱাৰো বিৰোধিতা কৰে পত্ৰখনত ৷