ETV Bharat / bharat

আজি নিৰ্ভয়া কাণ্ডৰ পুণৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে - নিৰ্ভয়া কাণ্ড বাতৰি

অভিযুক্ত অক্ষয় কুমাৰ সিঙে দাখিল কৰা পুৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ধীশ আৰ. বানোমাথি, অশোক ভূষণ, এছ এ বোপান্নাৰ দ্বাৰা গঠিত তিনিজনীয়া নতুন বিচাৰপীঠে ৷

আজি নিৰ্ভয়া কাণ্ডৰ পুণৰীক্ষণ আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Dec 18, 2019, 12:46 PM IST

নিউজ ডেস্ক, 18 ডিচেম্বৰ: বুধবাৰে উচ্চতম ন্যায়ালয়ৰ এক নৱগঠিত তিনিজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব দেশ কঁপাই যোৱা 2012 চনৰ নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত অক্ষয় কুমাৰ সিঙে দাখিল কৰা পুনৰীক্ষণ আৱেদনৰ ৷ এই পুনৰীক্ষণ আৱেদনৰ শুনানি মুখ্য ন্যায়ধীশ এছ এ বোবডেই লোৱাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখে ৷ তাৰ পাছতেই এই আৱেদনৰ শুনানিৰ বাবে ন্যায়ধীশ আৰ. বানোমাথি, অশোক ভূষণ, আৰু এছ এ বোপান্নাৰ দ্বাৰা এক তিনিজনীয়া নতুন বিচাৰপীঠ গঠন কৰা হয় ৷ 2017 চনতেই অভিযুক্ত অক্ষয়ে তেওঁৰ বিৰুদ্ধে থকা মৃত্যুদণ্ডৰ ৰায়ৰ সংশোধন আৰু শিথিলতা বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল ৷

উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে 2013 চনতেই নিৰ্ভয়া কাণ্ডৰ অভিযুক্তসকলক মৃত্যুদণ্ডৰ ৰায়দান দিছিল ৷ এই ৰায়দানৰ পাছতে অক্ষয়ৰ বাদে আন অভিযুক্ত সকলে তেওঁলোকৰ শাস্তি পুনৰীক্ষণৰ দাবীত সব্বোৰ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে তেওঁলোকৰ আৱেদন অগ্ৰাহ্য কৰিছিল ৷ কিন্তু মনকৰিবলগীয়া যে, এই আৱেদন অগ্ৰাহ্য কৰা ন্যায়ধীশ সকলৰ মাজত অন্যতম আছিল ন্যায়ধীশ আৰ. বানোমাথি আৰু অশোক ভূষণ ৷

2017 চনত অভিযুক্তসকলৰ পুনৰীক্ষণৰ আৱেদন অগ্ৰাহ্য কৰি এক ঐতিহাসিক ৰায়দানযোগে উচ্চতম ন্যায়ালয়ে অভিযুক্তসকলৰ মানসিকতাক পশুত্ব আখ্যা দি মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিছিল ৷ উল্লেখযোগ্য যে, 2012 চনত দিল্লীত এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীক চলন্ত বাছত ধৰ্ষণ কৰিছিল অক্ষয়কে ধৰি আন পাঁচজন অভিযুক্তই ৷ ইয়াৰে ৰাম সিং নামৰ অভিযুক্ত গৰাকীয়ে তিহাৰ জেলতে হতাশাত ভুগি আত্মহত্যা কৰিছিল ৷ তিহাৰ কাৰাগাৰৰ কতৃৰ্পক্ষই জানিবলৈ দিয়া অনুসৰি মৃত্যুদণ্ডৰ ৰায় আৰু নিজে কৰা অপৰাধৰ বাবে বৰ্তমান আটাইকেইজন অভিযুক্তই হতাশাৰ মাজত দিন কটাইছে ৷

আৰু পঢ়ক: পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ডৰ আদেশ

Intro:Body:

https://www.aninews.in/news/national/general-news/new-sc-bench-to-hear-nirbhaya-gang-rape-murder-convicts-review-plea-today20191218083758/

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.