দিল্লী, 2 জুলাইঃ কয়লা ছিণ্ডিকেটক লৈ পুনৰ সৰৱ অসমৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কয়লা ছিণ্ডিকেটৰ লগত প্ৰশাসন জড়িত হৈ থকাৰ লগতে অন্যান্য বহুতো অভিযোগ উত্থাপন কৰে ৷
তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত অবাধ গতিত চলি থকা কয়লাৰ ক'লা বজাৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈ মন্ত্ৰী পৰিষদীয় কমিটি গঠনৰ দাবী উত্থাপন কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ সমগ্ৰ ঘটনাৰ লগত প্ৰশাসনৰ একাংশ উচ্চ পদস্থ বিষয়াৰ লগতে বহুকেইটা নিষিদ্ধ সংগঠন জড়িত থকাৰ গুৰুতৰ অভিযোগ সাংসদ গৰাকীৰ ৷ এই সন্দৰ্ভত লিডু আৰু মাৰ্ঘেৰিটাৰ স্থানীয় আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰে নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইবাবাৰো কংগ্ৰেছৰ সাংসদগৰাকীয়ে তিনিচুকীয়া জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসহ বন বিষয়াসকল কয়লা ছিণ্ডিকেটত প্ৰত্যক্ষভাবে জড়িত আছে বুলি মন্তব্য কৰিছিল ৷