ETV Bharat / bharat

ভাৰতীয় জাতীয় পতাকাৰ ৰঙেৰে জিলিকি উঠিল মেটাৰহৰ্ণ - COVID-19 ৰ বিৰুদ্ধে ভাৰতীয়ৰ যুঁজ

ছুইজাৰলেণ্ডৰ মেটাৰহৰ্ণ পৰ্বতত জিলিকিল ভাৰতীয় ত্ৰিৰংগা ৷ COVID-19 ৰ বিৰুদ্ধে ভাৰতীয়ৰ যুঁজক সন্মান জনোৱাৰ উদ্দেশ্যে এই পদক্ষেপ ৷

COVID-19 ৰ বিৰুদ্ধে ভাৰতীয়ৰ যুঁজ
ভাৰতীয় জাতীয় পতাকাৰ ৰঙেৰে জিলিকি উঠিল মেটাৰহৰ্ণ
author img

By

Published : Apr 18, 2020, 10:40 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 18 এপ্ৰিল : ছুইছ এল্পছৰ মেটাৰহৰ্ণ পৰ্বতত 1,000 মিটাৰজুৰি ভাৰতীয় জাতীয় পতাকাৰ ৰঙেৰে জিলিকাই তোলা হয় ৷ COVID-19 ৰ বিৰুদ্ধে ভাৰতীয়ই সাহসিকতাৰে যুঁজ দিয়াৰ বাবে এনেদৰে পৰ্বতটোক ত্ৰিৰংগাৰ ৰঙেৰে জিলিকাই তোলাৰ চেষ্টা কৰা হয় ৷

ছুইজাৰলেণ্ডস্থিত ভাৰতীয় দূতাবাসে এক টুইটৰ জৰিয়তে কয়, "মেটাৰহৰ্ণ পৰ্বতত ভাৰতীয় ত্ৰিৰংগা : প্ৰায় 1,000 মিটাৰ দৈৰ্ঘ্যক ভাৰতীয় ত্ৰিৰংগাৰে আৱৰি ধৰা হয় ৷" ইয়াৰোপৰি, এই পৰ্বতৰ এখন ফটোও পোষ্ট কৰা হয় টুইটত ৷

  • INDIAN TRICOLOR ON THE MATTERHORN MOUNTAIN: Indian Tricolor of more than 1000 meters in size projected on Matterhorn Mountain, Zermatt, Switzerland to express Solidarity to all Indians in the fight against COVID 19. A big Thank You to @zermatt_tourism for the gesture. @MEAIndia pic.twitter.com/y4diNDSlT9

    — India in Switzerland, The Holy See & Liechtenstein (@IndiainSwiss) April 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

শনিবাৰে পুৱা ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই টুইটক পুনৰ টুইট কৰি কয়, "বিশ্বই একত্ৰিত হৈ COVID-19 ৰ বিৰুদ্ধে যুঁজি আছে ৷ মানৱতাই এই মহামাৰীক পৰাস্ত কৰিবলৈ সক্ষম হ'ব ৷"

উল্লেখ্য যে, শনিবাৰ পৰ্যন্ত ভাৰতত COVID-19 ত আক্ৰান্তৰ সংখ্যা 14,378 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 480 জনৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.