ETV Bharat / bharat

দুই উন্নত প্ৰজাতিৰ আমৰ নাম ৰাখিলে "মোডী" - মেংগ

অশোক চৌধাৰিয়ে 150 ৰো অধিক ভিন্ন ধৰণৰ আম উৎপাদন কৰিছে । ক্ৰছ ব্ৰিডিংৰ জৰিয়তে দুই ধৰণৰ বিশেষ আম উৎপাদন কৰিছে আৰু আম দুটাৰ নাম মোডী-1 আৰু মোডী-2 ৰাখিছে ।

দুই উচ্চ প্ৰজাতিৰ আমৰ নাম ৰাখিলে "মোডী"
দুই উচ্চ প্ৰজাতিৰ আমৰ নাম ৰাখিলে "মোডী"
author img

By

Published : May 2, 2020, 9:10 AM IST

নিউজ ডেস্ক, ২ মে': সোৱাদযুক্ত ভিন্ন প্ৰজাতিৰ আম উৎপাদন কৰি বিখ্যাত হৈ পৰিছে বিহাৰৰ ভগালপুৰৰ এজন খেতিয়ক । বৰ্তমান তেওঁ সকলোৰে মাজত "মেংগ' মেন" বুলিয়েই পৰিছিত । অশোক চৌধাৰি নামৰ খেতিয়ক জনে উৎপাদন কৰিছে 150 ৰো অধিক ভিন্ন প্ৰজাতিৰ আম ।

শেহতীয়াকৈ ক্ৰছ ব্ৰিডিংৰ জৰিয়তে দুই ধৰণৰ বিশেষ আম উৎপাদন কৰিছে । নতুনকৈ উৎপাদন কৰা এই আমৰ নাম তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ কৰি "মোডী-1" আৰু "মোডী-2" ৰাখিছে ।

প্ৰথম অৱস্থাত অশোকে 500 একৰ ভূমিত আৰম্ভ কৰিছিল আম উৎপাদনৰ কাম । পাচলৈ চৰকাৰৰ সহযোগত কৃষিভূমিৰ পৰিমান 2000 একৰলৈ বৃদ্ধি কৰিব সক্ষম হয় । বৰ্তমান তেওঁ বাৰ্ষিক হিচাপত 20,000 ৰ পৰা 25,000 কুইন্টল আমৰ উৎপাদন কৰি আহিছে । লগতে চাহিদা থাকিলে উৎপাদনৰ পৰিমান মাজে সময়ে বঢ়াই বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁ নতুনকৈ ক্ৰছ ব্ৰিডিংৰ জৰিয়তে উৎপাদন কৰা "মোডী" আমৰ বীজ আন খেতিয়ক সকলকো প্ৰদান কৰিছে যাতে, উৎপাদনৰ পৰিমান বেছি হয় ।

কিন্ত লক ডাউনৰ সময়চোৱাত তেওঁলোকো ক্ষতিগ্ৰস্ত হৈছে । খেতিৰ পৰিচৰ্চা কৰিব নোৱাৰাৰ লগতে নতুন শস্য প্ৰস্তত কৰিব পৰা নাই । উৎপাদনৰ মুখ্য সময় খিনিতেই এই সমস্যাত পৰিলে, সেয়েহে এনে সময়ত 50 শতাংশ লোকচানৰ সন্মূখীন হ'ব । এই কথা প্ৰকাশ কৰে "মেংগ মেন" জনে ।

উল্লেখ্য যে, বিহাৰ চৰকাৰে 2006 চনৰ পৰাই অশোকে উৎপাদন কৰা আম ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিভিন্ন ভি ভি আই পি লৈ প্ৰেৰণ কৰি আহিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.