নিউজ ডেস্ক, 24 মে' : আমেথি দখল কৰি ইতিহাস ৰচিলে স্মৃতি ইৰাণীয়ে ৷ 55 হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত ৰাহুল গান্ধীক পৰাস্ত কৰি নতুন পুৱাৰ সূচনা কৰিলে স্মৃতি ইৰাণীয়ে ৷ সুদীৰ্ঘ 39 বছৰৰ পাচত আমেথিৰ পৰা কংগ্ৰেছক অপসাৰণ কৰি উৎফুল্লিত স্মৃতি ইৰাণী ৷ বিজয়ৰ পাচতেই টুইটাৰ একাউণ্টযোগে ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ইৰাণীয়ে ৷ ইৰাণীৰ ভাষ্য- "এই বিজয়ে আমেথিত উদয় কৰিলে নতুন পুৱাৰ ৷ আজিৰ দিনটোৱে সূত্ৰপাত কৰিলে নতুন উদ্যম ৷ আমেথিক ধন্যবাদ৷"
আমেথিত দীৰ্ঘদিন ধৰি চলি অহা পৰিয়াল কেন্দ্ৰীক ৰাজনীতিক উফৰাই বিজেপিয়ে সূচনা কৰা নতুন জাগৰণত উৎসাহী স্মৃতি ইৰাণী ৷