নিউজ ডেস্ক, ১৬ জুনঃ দেশত বৃদ্ধি পাইছে কোভিড-১৯ মহামাৰীৰ কৱলৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি মঙলবাৰে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৫২.৪৭ শতাংশলৈ বৃদ্ধি হৈছে । সম্প্ৰতি দেশত কোভিড-১৯ত আক্ৰান্ত হৈ থকা ৰোগীৰ তুলনাত আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ অধিক বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য হোৱা ৰোগীৰ হাৰ আছিল ৫১.০৮ শতাংশ। উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত দেশত ১০,২১৫ গৰাকী ৰোগীক হাস্পতালৰ পৰা মুক্তি দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগে প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰা অনুসৰি বৰ্তমানলৈকে মুঠ ১,৮০,০১২ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। লগতে, ১,৫৩,১৭৮ গৰাকী ৰোগী সম্প্ৰতি চিকিত্সাধীন অৱস্থাত আছে।
লগতে চাওকঃ কলিয়াবৰত বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযান