নতুন দিল্লী,২৭ এপ্ৰিলঃ পক্ষাঘাত ৰোগী অথবা বিচনাত থাকিবলগীয়া ৰোগী সকলে এতিয়াৰে পৰা সহজে নিজে বিচনাত সলাব পাৰিব বাগৰ। কাৰণ আই আই টি দিল্লীৰ দুই ছাত্ৰই মিলি প্ৰস্তুত কৰি উলিয়ালে 'বেড টু ৰোল'। এম টেকৰ ছাত্ৰ দুজন হৈছে ক্ৰমে কৃষ্ণ আৰু শচীন কুমাৰ।
এই বিশেষ বিচনাখন তৈয়াৰ কৰি উলিওৱা কিশনে জানিব দিয়ে সততে হাস্পতাল অথবা ঘৰত পক্ষাঘাত ৰোগীসকলে বিচনাত বাগৰ সলাবৰ বাবে আনৰ সহায় লোৱা পৰিলক্ষিত হয়। এই বিচনাখনে এনে ৰোগীক এইক্ষেত্ৰত আনৰ সহায় নোহোৱাকৈ বাগৰ সলাব পৰা সুবিধা কৰি দিব। লগতে জানিবলৈ দিয়ে যে এই বিচনাখন নিৰ্মাণ কৰি উলিয়াবলৈ তেওঁলোকক সময় লাগিছিল ২ মাহতকৈ অধিক। আৰু নিৰ্মাণ ব্যয় হৈছে প্ৰায় ১২ হাজাৰ টকা। অতি শীঘ্ৰেই বজাৰতো উপলব্ধ হ'ব এই বিশেষ বিচনাখন।