ETV Bharat / bharat

চন্দ্ৰযান-2 ৰ নেতৃত্বত দুই তেজস্বিনী মহিলা - RITU KARIDHAL

ইছৰোৰ চন্দ্ৰযান-2 অভিযানৰ নেতৃত্ব বহন কৰিছে দুগৰাকী প্ৰতিভাৱান তথা অভিজ্ঞ মহিলা মহাকাশ বিজ্ঞানী ৷ চন্দ্ৰযান-2 অভিযানৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে বিজ্ঞানী দুগৰাকীয়ে ৷

চন্দ্ৰযান-2 ৰ নেতৃত্বত দুই তেজস্বিনী মহিলা
author img

By

Published : Jul 12, 2019, 9:33 PM IST

আগন্তক 15 জুলাইত প্ৰক্ষেপণ হ'ব লগীয়া ভাৰতৰ দ্বিতীয় মহাকাশ চন্দ্ৰ অভিযান,"চন্দ্ৰযান-2" ৰ নেতৃত্ব দিব দুগৰাকী প্ৰতিভাৱান তথা অভিজ্ঞ মহিলা মহাকাশ বিজ্ঞানীয়ে৷ এই দুগৰাকী তেজস্বিনী মহিলা হৈছে ক্ৰমে মুথিয়া ভানিথা আৰু ৰীতু কাৰীঢাল ৷ 40 বৰ্ষীয় দুয়োগৰাকী বিজ্ঞানীয়ে বিগত 20 বছৰ ধৰি ইছৰোত কৰ্মৰত হৈ আছে ৷ মুথিয়া ভানিথা দেশৰ প্ৰথম গৰাকী ইছৰোৰ মহিলা প্ৰকল্প পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে ৰীতু কাৰীঢালে একাধিক মহাকাশ অভিযানত অংশগ্ৰহণ কৰাৰ উপৰিও 'চন্দ্ৰযান-1' আৰু 'মঙ্গলযান' অভিযানৰ তথ্য নিৰীক্ষক হিচাপে প্ৰতিনিধিত্ব কৰিছে ৷ ইছৰোৰ অধ্যক্ষ কে. শিভানে "চন্দ্ৰযান-2" সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি "চন্দ্ৰযান-2" ক 'চন্দ্ৰযান-1' আৰু 'মঙ্গলযান'ৰ পাছত ইছৰোৰ তৃতীয় বৃহৎ পৰিসৰৰ মহাকাশ অভিযান বুলি অভিহিত কৰে ৷ তেওঁ লগতে উক্ত অভিযানসমূহত মহিলা বিজ্ঞানীসকলৰ অংশগ্ৰহণক ইছৰোৰ সাফল্যৰ ক্ষেত্ৰত এক যোগাত্মক ইংগিত বুলি উল্লেখ কৰে ৷ লগতে অধ্যক্ষগৰাকীয়ে "চন্দ্ৰযান-2" ৰ টীমত 30 শতাংশ মহিলাৰ অন্তৰ্ভুক্তি কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে "চন্দ্ৰযান-2" মহাকাশ অভিযান মহিলাই নেতৃত্ব বহন কৰা প্ৰথমটো মহাকাশ অভিযান হিচাপে পৰিগণিত হ'ব ৷

Intro:Body:

https://in.news.yahoo.com/meet-women-launching-chandrayaan-2-080506932.html?

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.