কেৰালা, ৬ জুন : কোভিড-১৯ত আক্ৰান্ত হৈ শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ভাৰতীয় ফুটবলাৰ হামজা কৌয়াই। হামজা ভাৰতীয় দলৰ লগতে সন্তোষ ট্রফীত মহাৰাষ্ট্রক প্রতিনিধিত্ব কৰিছিল ।
হামজা কৌয়াই ২১ মে'ত পৰিয়ালৰ লোকৰ লগত মুম্বাইৰ পৰা কেৰালালৈ আহিছিল। কেৰালাত আহি পোৱাৰ পাছত ২৬ মে'ত খেলুৱৈগৰাকীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ অৱস্থিতি । কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে হামজা কৌয়াক মল্লপুৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱা দুদিনৰ পাছতেই হামজাৰ শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হোৱাত তেওঁক ভেন্টিলেটৰত ৰখা হয় আৰু শনিবাৰে পুৱা খেলুৱৈগৰাকীয়ে অঁকাল মৃত্যুক আঁকোৱালি লয় ।
মৃত্যুৰ সময়ত হামজা কৌয়াৰ বয়স আছিল ৬১ বছৰ । হামজা কৌয়াৰ পত্নী,পুত্ৰ,বোৱাৰীৰ লগতে পুত্ৰৰ সন্তানো কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । চিকিৎসকে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ । উল্লেখ্য যে, কেৰালাত কোভিড-১৯ত আক্ৰান্ত হৈ এতিয়ালৈ মৃত্যু হৈছে ১৬ জনৰ ।