নিউজ ডেস্ক, 23 আগষ্ট : প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ গ্ৰেপ্তাৰৰ পাচতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি ৷ দিল্লীৰ যন্তৰ-মন্তৰত কংগ্ৰেছৰ মিত্ৰদলে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনতিপলমে প্ৰাক্তন মন্ত্ৰীগৰাকীক মুকলি কৰি দিয়াৰ দাবী জনায় ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল সিবাল ৷ পি চিডাম্বৰমৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সিবালে কয় - " সম্প্ৰতি আই চি ইউত দেশৰ অৰ্থনীতি, যি সকল ব্যক্তিয়ে চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে মাত মাতে আহিছে সেই সকলৰ বিৰুদ্ধে জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ "
প্ৰাক্তন আইন মন্ত্ৰী গৰাকীয়ে নিজ টুইটাৰ যোগে প্ৰকাশ কৰি কয় - " বিগত কিছুদিনৰ পৰা দেশত চলি থকা ঘটনাই এয়াই প্ৰমাণিত কৰিছে যে, দেশৰ অৰ্থনীতি আৰু স্বাধীনতা দুয়োটা ৰক্ষাৰ বাবে জাগ্ৰত হোৱাৰ প্ৰয়োজন হৈ পৰিছে " ৷