নতুন দিল্লীঃ সোমবাৰে উচ্চতম ন্যায়ালয়ে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা লোৱা পদক্ষেপ " বহুত সক্ৰিয় কদম" ক প্ৰশংসা কৰাৰ উপৰিও শাসনাধীস্থ চৰকাৰৰ প্ৰয়াসকো শলাগ লয় ৷
মুখ্য ন্যায়ধীশ এছ এ বোবডে অধ্যক্ষতাত বহা বিচাৰ পীঠে কয়, আমি এই কথাত সন্তুষ্ট যে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত যুঁজিবলৈ চৰকাৰে বহুতো পদক্ষেপ লৈছে ৷ এইটো কোনো ৰাজনৈতিক পৰিপন্থা নহয়, এয়া বাস্তৱ সত্য ৷
কেন্দ্ৰ আৰু অন্যান্য বিভাগীয় কৰ্তৃপক্ষক কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ আৰু গৱেষণাৰৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে আবেদন জনোৱা হৈছিল ৷ আবেদনৰ ভিত্তিতে ন্যায়ধীশ এল এন ৰাৱ আৰু সূৰ্যকান্তই ব্যৱস্থা সমূহ ল'বলৈ সহাৰি জনায় ৷
সৰ্বোচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ এই সন্দৰ্ভত চৰকাৰক এক প্ৰতিনিধিত্ব দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, এগৰাকী আবেদনকাৰীয়ে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাইৰাছত আক্ৰান্ত লোকক পৃথকভাৱে ৰাখিবলৈ অধিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷