নিউজ ডেস্ক , ২৬ জুন: আজি অনুষ্ঠিত হ'ব কংগ্ৰেছ সংসদীয় দলৰ বৈঠক । ইয়াৰ পূৰ্বেও ১৮ জুনত ছোনিয়া গান্ধীৰ সভাপতিত্বত তেওঁৰ বাগৃহত এখন বৈঠক অনুষ্ঠিত কৰা হৈছিল । এই বৈঠক খনত আগন্তুক লোকসভা অধিৱেশনত কংগ্ৰেছ দলে কিদৰে নিজৰ কাৰ্যক্ৰমনিকা আগবঢ়াই নিব সেই বিষয়ে এক আলোচনাত মিলিত হৈছিল কংগ্ৰেছ দলৰ নেতা সকল ।
ইয়াৰোপৰিও এই বৈঠক খনত নেতা সকলে বিৰোধী দল সমূহৰ মাজত কিদৰে সমন্বয় ৰক্ষা কৰিব সেই বিষয়েও আলোচনা কৰে । কংগ্ৰেছৰ অধ্যক্ষ গৰাকীৰ বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকত ৰাহুল গান্ধীৰ লগতে জেষ্ঠ কংগ্ৰেছ নেতা এ.কে এন্টনি , জৈৰাম ৰমেশ , গুলাম নবী আজাদ , আনন্দ শৰ্মা , পি চিদাম্বৰাম , অধীৰ ৰঞ্জন চৌধৰী , আৰু কে সুৰেশ উপস্থিত থাকে । ইপিনে কংগ্ৰেছ নেতা গুলাম নবী আজাদে সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁলোকে বিৰোধী দলৰ লগতো বৈঠকত মিলিত হ'ব ।