নিউজ ডেস্ক, ১০ জুলাই : শুকুৰবাৰে আমেৰিকাৰ সৈতে পাৰমাণবিক অস্ত্ৰ আলোচনাত অংশ লোৱাৰ সম্ভাৱনাক প্ৰত্যাখ্যান কৰিছে চীনে । ৱাশ্চিংটনৰ এক তথ্যত প্ৰকাশ পাইছে এই তথ্য ।
চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ Zhao Lijian এ সাংবাদিকৰ আগত জনোৱা অনুসৰি, এই প্ৰস্তাৱৰ কাৰণে আমেৰিকা কেতিয়াও সুস্থিৰ নাছিল ।
উল্লেখ্য যে, তথাকথিত ত্ৰিপক্ষীয় অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চীনৰ আপত্তি সদায় স্পষ্ট আছিল । briefing নামৰ দৈনিক বাতৰি কাকতখনত প্ৰকাশ পোৱা Zhao Lijian ৰ মন্তব্য অনুসৰি, আমেৰিকাই এই বিষয়ত সদায় চেষ্টা অব্যাহত ৰাখিছে আৰু চীনৰ স্থিতিকো ধংস কৰি আছে । জানিব পৰা মতে, আমেৰিকা আৰু ৰাছিয়াৰ পিচতে চীনে পাৰমাণবিক অস্ত্ৰৰ ক্ষেত্ৰত স্থিতি দখল কৰিবলৈ সক্ষম হৈছে । ইফালে, আমেৰিকাই দুসপ্তাহ পূৰ্বে এই সম্পৰ্কত আলোচনা কৰাৰ ক্ষেত্ৰত চীনৰ অনুপস্থিতি উল্লেখ কৰিছে ।
বিদেশ মন্ত্ৰালয়ৰ অস্ত্ৰ নিয়ন্ত্ৰণ বিভাগৰ Fu Cong এ বুধবাৰে জনায় যে, আমেৰিকা আৰু ৰাছিয়াৰ তুলনাত চীনৰ হাতত সৰু পাৰমাণবিক অস্ত্ৰ আছে গতিকে এই আলোচনা চক্ৰলৈ চীনক আমন্ত্ৰণ জনোৱাতো উচিত হোৱা নাই বুলি উল্লেখ কৰে ।
লগতে পঢ়ক : ডিব্ৰুগড়লৈ ভাবুকি: বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ