ETV Bharat / bharat

ঘূৰ্ণী বতাহ আম্ফানত পশ্চিমবংগত ১০-১২ জনৰ মত্যু !

পশ্চিমবংগত আম্ফান ঘূৰ্ণী বতাহৰ ধ্বংসলীলা । বুধবাৰে অহা সাগৰকীয় ঘূৰ্ণী বতাহত বৰ্তমানলৈকে ১০ ৰ পৰা ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

author img

By

Published : May 21, 2020, 12:25 PM IST

at-least-10-feared-dead-as-cyclone-amphan-ravages-west-bengal
ঘূৰ্ণী বতাহ আম্ফানত পশ্চিমবংগত ১০-১২ জনৰ মত্যু !

নেশ্যনেল ডেস্ক, ২১ মে': বুধবাৰে পশ্চিমবংগত তাণ্ডৱলীলা চলাই সাগৰীয় ঘূৰ্ণী বতাহ "আম্ফানে" । ৰাজ্যখনৰ কলিকতা, হুগলী, হাওৰা, নৰ্থ-চাউথ ২৪ পাৰগানাছ জিলাত বিস্তৰ ক্ষতি সাধন ঘটে এই ধুমুহাৰ ফলত । প্ৰায় ১৫৫ ৰ পৰা ১৮৫ কিল'মিটাৰ ঘণ্টাত বতাহ বলাৰ লগতে তীব্ৰ বৃষ্টিপাত হয় ৰাজ্যখনত । কলিকতা বিমানবন্দৰো পানীৰ তলত ডুব যোৱা বুলি খবৰ আহি পৰিছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সংবাদমেল আয়োজন কৰি কৈছিল যে, ধুমুহাৰ ফলত সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যোৱা বুলি এতিয়াও সঠিক প্ৰতিবেদন লাভ কৰিব পৰা হোৱা নাই । কিন্তু আনুমানিক হাজাৰ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি ধাৰণা কৰা হৈছে । ক্ষয়-ক্ষতিৰ প্ৰাথমিক মূল্যায়ন কৰিবলৈ ৩-৪ দিনৰ সময় লাগিব বুলি কৈছিল মুখ্য়মন্ত্ৰীগৰাকীয়ে ।

এই ঘূৰ্ণী বতাহৰ ফলত ৰাজ্যখনৰ বহু ঠাইত দলং, মাটিৰ আৱাসগৃহ বিধ্বস্ত হৈ পৰিছিল । আনহাতে, বহুকেইটা কংক্ৰিটৰ বিল্ডিঙৰো বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা যায় । জানিব পৰা মতে, হাওৰাত এগৰাকী যুৱতীৰ দেৱাল খহি পৰাত মৃত্য়ু হয় । আনহাতে নৰ্থ ২৪ পাৰগানাছ জিলাত এগৰাকী ৫৬ বছৰীয়া মহিলা মিনাখানত আৰু এজন যুৱক বাছিৰহাটত গছ উঘালি পৰাত মৃত্যু হয় । ইপিনে কলিকতাত মাতৃ-পুত্ৰৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

পশ্চিমবংগত আম্ফান ঘূৰ্ণী বতাহৰ ধ্বংসলীলা

২৪ পাৰগানাছ জিলাৰ বিভিন্ন ঠাইৰ প্ৰায় ৫ হাজাৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য় আহি পৰিছে । এই ধুমুহাত বৰ্তমানলৈকে ১০-১২ জনৰ মৃত্য়ু হোৱা বুলি অনুমান কৰা হৈছে । আনহাতে, পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । ইতিমধ্যে এনডিআৰএফ বাহিনীয়ে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে ।

এই ধুমুহাৰ প্ৰাদূৰ্ভাৱ কৰ'ণা ভাইৰাছ মহামাৰীতকৈ অধিক বেছি হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে । বুধবাৰে পশ্চিমবংগত প্ৰায় ১৫৫-১৮৫ কিল'মিটাৰ প্ৰতিঘণ্টা বেগেৰে তাণ্ডৱলীলা চলাই যায় ঘূৰ্ণীবতাহ আম্ফানে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.