নিউজ ডেস্ক, 26 অক্টোবৰঃ আৰক্ষীৰ চকুৰ সন্মুখতে এগৰাকী অপৰাধীক নৃংশস হত্যা তিনিজনীয়া দুৰ্বৃত্তৰ দলৰ ৷ বেংগালুৰুৰ মাৰাথাহাল্লী আৰক্ষী চকীৰ অন্তৰ্গত মহাদেৱপুৰাত সংঘটিত হৈছে এক নৃংশস ঘটনা ৷ চিচিটিভিত বন্দী হৈ ৰৈছে ঘটনাৰ শিহৰণকাৰী দৃশ্য ৷
লগতে পঢ়কঃ শদিয়াত কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ
নিজৰ ৰয়েল এনফিল্ড বাইকত প্ৰেমিকাৰ সৈতে আহি থকা অৱস্থাতে হত্যাৰ বলি হয় অপৰাধীজন ৷ প্ৰথমে বাইকত বহি থকা অৱস্থাতে অপৰাধীজনক দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা বাচিবলৈ দৌৰ দিয়াত পিচে পিচে খেদি গৈ ঘপিয়াই ঘপিয়াই হত্যা কৰে অপৰাধীজনক ৷ খোদ আৰক্ষীৰ চকুৰ সন্মুখতে মহাদেৱপুৰাস্থিত ফিনিক্স ম'লৰ আগত সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো ৷
হত্যাৰ বলি হোৱা লোকজন মঞ্জু নাথ বুলি জানিব পৰা গৈছে ৷ নিহত মঞ্জু নাথৰ ঘৰ বেংগালুৰুৰ মাৰাথাহাল্লী আৰক্ষী চকীৰ অন্তৰ্গত কাডাবিছানাহালীত বুলি জানিব পৰা গৈছে ৷ নিহত মঞ্জুনাথ ইয়াৰ পূৰ্বে বহুকেইটা হত্যা আৰু ধন দাবীৰ ঘটনাত জড়িত হৈ আছিল ৷