ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 27, 2020, 5:03 PM IST

কলগাছিয়াত পোষণ মেলাৰ ভিন্নৰঙী কাৰ্যসূচী

বিগত এক ছেপ্তেম্বৰৰ পৰা মাহযোৰা কাৰ্যসূচীৰে ৰাজ্যত আৰম্ভ হৈছে পোষণ মাহ ৷ বৰপেটাৰ কলগাছিয়াতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে পোষণ মেলা ৷

কলিয়াবৰত বিশ্ব পৰ্যটন দিৱস উদ‌যাপন

কলিয়াবৰত পালন বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱা হয় ৷

বিশ্ব পৰ্যটন দিৱসত CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ

দেওবাৰে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ট্ৰেভেল এজেন্সি তথা পৰ্যটন শিক্ষা কেন্দ্ৰ CN Travels & Centre for Tourism Studiesয়ে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সন্মুখত পথাচাৰী আৰু কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ মাজত গছপুলি আৰু মাস্ক বিতৰণ কৰে ৷

গণৰোষৰ বলি ছাগলী চোৰ

আমিনগাঁৱৰ পাপু ৰজক নামৰ এগৰাকী অটো ভেনৰ চালকে পথৰ দাঁতিত এৰাল দি থোৱা ছাগলী এটা চোৰ কৰিবলৈ লওঁতেই গৰাকীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰে ৷ এএছ 25 বিচি 5469 নম্বৰৰ বাহনখনৰ গৰাকী পাপুৱে ৰাইজৰ হুলস্থুল শুনি তীব্ৰবেগে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা চলায় ৷

বনৰীয়া হাতীৰ ত্ৰাসত উজাগৰী নিশা কটাইছে গঞাই

গোলাঘাটত অব্যাহত আছে বনৰীয়া হাতীৰ ত্ৰাস ৷ শনিবাৰে নিশা পুনৰ ত্ৰাস চলালে বনৰীয়া হাতীয়ে ৷ নীৰৱ দৰ্শকৰ ৰূপত বন বিভাগ ৷

আবতৰীয়া বানত কৱলত আমগুৰিৰ বৃহত্তৰ অঞ্চল

আমগুৰি সমষ্টিৰ অন্তৰ্গত 20 খনৰো অধিক গাঁও এতিয়া পানীৰ তলত ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহৎ অঞ্চলটো ৷

লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ

লখিমপুৰত কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷ 10 বছৰ অনুৰ্ধৰ চাব জুনিয়ৰ,14 ৰ 15 বছৰ কেডেট,18 বছৰ অনুৰ্ধৰ জুনিয়ৰ আৰু 18 উদ্ধৰ শাখাত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে । বিজয়ী প্ৰতিযোগীক মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷

পুনৰ অশান্ত বড়োভূমিঃ BTR চুক্তি নামানে অবড়োৱে

বাক্সাৰ শালবাৰীত অবড়ো সুৰক্ষা সমিতিৰ আৰু সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ প্ৰতিবাদ ৷ অবড়ো লোকৰ গাঁৱক বিটিআৰৰ পৰা কৰ্তন কৰাৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

উজনি মাজুলীত ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ উৎখাত

আৰক্ষীয়ে অভিযান চলোৱাৰ বিষয়ে জানিব পাৰি কেইজনমানে পলায়ন কৰে যদিও গোগামুখৰ ত্ৰিশূল কামান আৰু দিলীপ পাটিৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে

অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে ৷ দেওবাৰে দুপৰীয়া এক বিবৃতি যোগে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে বিষয়াগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.