ETV Bharat / bharat

স্বামীক হত্যা কৰি তিনি সন্তানসহ মহিলাৰ আত্মহত্যাৰ চেষ্টা

author img

By

Published : Jan 4, 2021, 2:29 PM IST

আমাডাণ্ডা ডোংগৰাপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী 35 বছৰীয়া মহিলাই স্বামীৰ মূৰত লাঠীৰে প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত 3 সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলায় ৷

An woman jumped into a well with 3 children after killing her husband etv bharat news
স্বামীক হত্যা কৰি তিনি সন্তানসহ মহিলাৰ আত্মহত্যাৰ চেষ্টা

নেশ্যনেল ডেস্ক,4 জানুৱাৰী: ছত্তিশগড়ৰ পেণ্ডা থানাৰ অন্তৰ্গত আমাডাণ্ডা ডোংগৰাপাৰাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এগৰাকী 35 বছৰীয়া মহিলাই স্বামীৰ মূৰত লাঠীৰে প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত 3 সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যা কৰাৰ চেষ্টা চলায় ৷ স্থানীয় লোকে চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক সন্তানৰ সৈতে উদ্ধাৰ কৰি মৃত্যুঞ্জয় এম্বুলেঞ্চৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকীক ৷ মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইফালে চিকিৎসাধীন তিনি সন্তানক হাস্পতাল কৰ্তৃপক্ষই বিপদমুক্ত ঘোষণা কৰে ৷

উল্লেখ্য যে, অনুৰূপ সিং পেংকড়া নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিনৰ পৰা আমাডাণ্ডা ডোংগৰাপাৰা এলেকাত বাস কৰি আহিছিল ৷ ব্যক্তিগৰাকীৰ পত্মী বিদ্যাই বিগত কিছু বছৰ পূৰ্বৰে পৰা মানসিক স্থিতি হেৰুৱাইছিল ৷ এই পৰিস্থিতিয়ে সোমবাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.