ETV Bharat / bharat

ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : Jan 27, 2021, 12:43 PM IST

১২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত পথ দুৰ্ঘটনাত আঠগৰাকী লোকৰ মৃত্য়ু হয় আৰু আন চাৰিজন গুৰুতৰভাৱে আহত হয় । ভুক্তভোগী ব্য়ক্তিকেইগৰাকীৰ ঘৰ মধ্য়প্ৰদেশৰ ৰাজগড়ত ।

ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা
ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক , ২৭ জানুৱাৰী : ৰাজস্থানৰ টঙ্ক জিলাত বুধাবাৰে এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় । ১২ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত এই পথ দুৰ্ঘটনাত আঠগৰাকী লোকৰ মৃত্য়ু হয় আৰু আন চাৰিজন গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে জনোৱা মতে তীব্ৰ বেগী এখন ট্ৰেইলাৰ ট্ৰাকে যাত্ৰী ভৰ্তি জীপ এখনৰ পিছফালে খুন্দা মাৰিছিল ।

টঙ্ক সদৰ থানাৰ আৰক্ষীয়ে কোৱা মতে মৃত ব্য়ক্তিসকল মধ্য়প্ৰদেশৰ ৰাজগড়ৰ বাসিন্দা আৰু তেওঁলোকে জীপখনত ঘৰলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত থিতাতে নিহত হয় আঠগৰাকী লোক আৰু বাকী চাৰিগৰাকী আহতক ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক :পঞ্জাৱত হাই এলাৰ্ট জাৰী কৰিলে মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.