নিউজ ডেস্ক, 18 এপ্ৰিল : ছত্তিশগড়ৰ ৰায়পুৰত শনিবাৰে নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ৰায়পুৰত জীৱন্তে অগ্নিদগ্ধ হৈ 5 জন লোকৰ মৃত্যু হয় ৷ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে আন কেইবাজনো লোকৰ ৷

ছত্তিশগড়ৰ ৰায়পুৰস্থিত ৰাজধানী চিকিৎসালয়ত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত 5 জন লোকৰ মৃত্যু হয় ৷ আনহাতে চিকিৎসালয়ৰ আন ৰোগীসকলক ততাতৈয়াকৈ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷
লগতে পঢ়ক : ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ