নলবাৰীত লাভ জেহাদৰ ঘটনা ! তদন্তকাৰী আৰক্ষী নিলম্বন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 1:35 PM IST

নলবাৰী, 18 ফেব্ৰুৱাৰী : শনিবাৰে নিশা প্ৰতিবাদত উত্তাল হ’ল নলবাৰী থানা ৷ মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰাৰ অভিযোগতে নলবাৰীত বিজেপি যুৱ মৰ্চা, আৰ এছ এছ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ সদস্যই থানা ঘেৰাও কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ । ইতিমধ্যে ঘটনা সংক্ৰান্তত নলবাৰী থানাৰ TSI (পৰিবহণ উপ পৰিদৰ্শক)ক নিলম্বন কৰা হৈছে ৷

বিৱৰণি অনুসৰি, চলিত মাহত বিগত 10 তাৰিখে এজন মুছলমান যুৱকে এগৰাকী হিন্দু যুৱতীক পলুৱাই লৈ গৈছিল ৷ কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে এয়া এক অপৰহণ ঘটনা বুলি অভিযোগ উত্থাপন কৰি নলবাৰী সদৰ থানাত দাখিল কৰে এক এজাহাৰ ৷ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি 13 ফেব্ৰুৱাৰীৰ দিনা যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ তাৰ পাচত যুৱতীগৰাকীক আদালতত হাজিৰ কৰাই সখী নামৰ এটা স্বেচ্ছাসেৱী সংগঠনক গটাই দিয়া হয় ৷

কিন্তু শনিবাৰে অতি ৰহস্যজনকভাৱে নলবাৰী থানাৰ TSI য়ে সখীৰ পৰা যুৱতীগৰাকীক লৈ আনি TSI যে পথত এৰি দিয়ে ৷ তাৰ পাচৰ পৰাই নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকী ৷ এই অভিযোগ প্ৰতিবাদী হিন্দুত্ববাদী সংগঠনৰ সদস্যৰ ৷ ইয়াকে লৈ নলবাৰী সদৰ থানাত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ইফালে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC), TSI আৰু সখীৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰে এজাহাৰ । আনহাতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত ইতিমধ্যে TSI ক নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : শিলচৰত লাভ জেহাদ; ভুৱা পৰিচয়ৰে দি যুৱতীক পলুৱাই নিলে মুমিনে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.