কাছাৰত লস্কৰ-ই-তৈবাৰ নামত ধনদাবী; ধৃত ৪ - CACHAR EXTORTION CASE
🎬 Watch Now: Feature Video


Published : Feb 27, 2025, 2:12 PM IST
শিলচৰ : কাছাৰত ভাৰতমালাৰ নিৰ্মাণকাৰী সন্থাৰ বিষয়াক ফোনত ধনদাবীৰ অভিযোগত আৰক্ষীৰ জালত চাৰিজনকৈ ভুৱা লস্কৰ-ই-তৈবাৰ সদস্য ৷ কাটিগড়া আৰক্ষীয়ে মেঘালয় আৰু গুমৰাৰ পৰা গ্ৰেপ্তাৰ কৰে চাৰি দুৰ্বৃত্তক ৷ ধৃতকেইজন হৈছে সোণাই কচুদৰমৰ বক্তাৰ হুছেইন, কাটিগড়া গুমড়াৰ আলিক উদ্দিন, আজিৰ উদ্দিন আৰু চামচিৰ উদ্দিন ৷
এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "কাছাৰত ভাৰতমালা পথ নিৰ্মাণকাৰী সন্থা জন্ডু কনষ্ট্ৰাকচনৰ বিষয়াক ফোনেৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি পৰিচয় দি ১০ কোটি টকা ধনদাবী কৰে অজ্ঞাত পৰিচয়ৰ লোকে ৷ ধন নিদিলে পৰিণাম ভয়ংকৰ হ'ব বুলি ভাবুকি দিয়ে ৷ ঘটনাটো লৈ কাটিগড়া আৰক্ষীৰ কাষ চাপে জন্ডু কনষ্ট্ৰাকচনৰ বিষয়াজন ৷"
তেওঁ লগতে কয়, "আৰক্ষী তদন্তত নামি কাটিগড়া লেভাৰপুতাৰ পৰা আলিক উদ্দিন আৰু আজিৰ উদ্দিন নামৰ দুজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃতসকলৰ স্বীকাৰোক্তিৰ ভিত্তিত মেঘালয়ৰ পৰা ঘটনাৰ মাষ্টাৰমাইণ্ড বক্তাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ বক্তাৰৰ সৈতে কাটিগড়া লেভাৰপুতাৰ চমচিৰ উদ্দিন নামৰ এজনকো মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ৷ বক্তাৰৰ মোবাইলৰ পৰাই ফোন কৰি ধনদাবী কৰা হৈছিল ৷ আৰক্ষীয়ে ফোনটো আৰু ছিমকাৰ্ডখন জব্দ কৰিছে ৷"
আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "ঘটনাৰ তদন্তৰ পাছত আৰক্ষী নিশ্চিত হৈছে ধৃতসকল লস্কৰ-ই-তৈবা সংগঠনৰ কোনো সদস্য নহয় ৷ লস্কৰ-ই-তৈবাৰ নামত ভাবুকি দি ধন আদায়ৰ চেষ্টা চলাইছিল ধৃতসকলে ৷"