বাবৰি মছজিদৰ প্ৰসংগ উত্থাপন কৰি সাংসদ আজমলৰ দুখ প্ৰকাশ - মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ
🎬 Watch Now: Feature Video


Published : Feb 10, 2024, 2:16 PM IST
গোৱালপাৰা, 10 ফেব্ৰুৱাৰী: সাধাৰণ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলবোৰৰ ৷ পিচ পৰি থকা নাই এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল । বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰত শুকুৰবাৰে এখন ধৰ্মীয় সভাত উপস্থিত হয় এ আই ইউ ডি এফৰ প্ৰধানগৰাকী ।
বালাপাৰত বাবৰি মছজিদ সন্দৰ্ভত মন্তব্য আগবঢ়ায় সাংসদগৰাকী । সাংসদগৰাকী কয়, "500 বছৰীয়া ইতিহাস প্ৰসিদ্ধ বাবৰি মছজিদ একে নিশাৰ ভিতৰতে কংগ্ৰেছ চৰকাৰে ধ্বংস কৰিছিল । বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল । বাবৰি মছজিদ ভাঙি দি মছজিদৰ ঠাইত ৰাম মন্দিৰ নিৰ্মাণ কৰা কাৰ্যক লৈ সদায় দুখ থাকি যাব । 500 বছৰীয়া ইতিহাস প্ৰসিদ্ধ পুৰণি বাবৰি মছজিদ ধ্বংস কৰিব পাৰে কিন্তু ইতিহাস ধ্বংস কৰিব নোৱাৰে ৷
লগতে পঢ়ক: সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !