হায়দৰাবাদ: ইউটিউবে ঘোষণা কৰিছে নতুন অটো ডাবিং বৈশিষ্ট্য যাৰ জৰিয়তে চেনেলসমূহে নিজৰ ভিডিঅ’ৰ ডাব কৰা সংস্কৰণ অন্য ভাষাত তৈয়াৰ কৰিব পাৰিব । নতুন বৈশিষ্ট্যৰ লক্ষ্য হৈছে "ভাষাৰ প্ৰাচীৰসমূহ নাইকিয়া কৰি পেলোৱা" আৰু দৰ্শকক সমগ্ৰ বিশ্বৰ ক্ৰিয়েটৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰা ।
উল্লেখযোগ্য যে, অটো-ডাবিং বৈশিষ্ট্য কেৱল ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমৰ জ্ঞান আৰু তথ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা চেনেলসমূহৰ বাবেহে । ইউটিউবে অতি সোনকালে এই বৈশিষ্ট্য অন্য ধৰণৰ কন্টেন্টলৈ সম্প্ৰসাৰণ কৰাটো নিশ্চিত কৰিছিল যদিও ইয়াৰ পাৰ্টনাৰ প্ৰগ্ৰেমৰ অধীনত মুদ্ৰাকৰণ নোহোৱা চেনেলসমূহৰ বাবে ইয়াৰ উপলব্ধতাৰ বিষয়ে কোনো মন্তব্য কৰা নাছিল ।
ইউটিউবত অটো-ডাব ফিচাৰ কেনেকৈ ব্যৱহাৰ কৰিব
- আপোনাৰ ভিডিঅ' আপলোড কৰক: আপোনাৰ ভিডিঅ'সমূহ সদায়ৰ দৰে আপলোড কৰক । ইউটিউবে স্বয়ংক্ৰিয়ভাৱে ভাষাটো ধৰা পেলাব আৰু অন্য ভাষাত ডাব কৰিব ।
- আপোনাৰ ডাব কৰা ভিডিঅ'সমূহ পৰ্যালোচনা কৰক: আপোনাৰ ডাব কৰা ভিডিঅ'সমূহ চাবলৈ YouTube Studio > ভাষাসমূলৈ যাওক । আপুনি ডাববোৰ শুনিব পাৰে ৷ ভাল লাগিলে প্ৰকাশ আৰু সন্তুষ্ট নহ'লে ডিলিট কৰি পেলাব পাৰে । ইউটিউবত প্ৰকাশৰ পূৰ্বে ডাবসমূহ পৰ্যালোচনা কৰিবলৈও অনুমতি দিয়া হৈছে ।
- যদি আপুনি বৈশিষ্ট্য থকাৰ বিষয়ে নিশ্চিত নহয়, "উন্নত ছেটিংছ"ৰ অন্তৰ্গত YouTube Studio পৰীক্ষা কৰক ।
সমৰ্থিত ভাষাসমূহ
যদি আপোনাৰ ভিডিঅ' ইংৰাজীত হয়, তেন্তে ইউটিউবক ফৰাচী, জাৰ্মান, হিন্দী, ইণ্ডোনেছিয়ান, ইটালীয়, জাপানী, পৰ্তুগীজ আৰু স্পেনিছ ভাষাত ডাব কৰিবলৈ ক'ব পাৰে । যদি আপোনাৰ ভিডিঅ'টো যিকোনো ভাষাত হয়, তেন্তে আপুনি ভিডিঅ'টো ইংৰাজীত ডাব কৰিবলৈ বাছি ল'ব পাৰে । উদাহৰণস্বৰূপে, যদি আপুনি ভিডিঅ’টো হিন্দীত তৈয়াৰ কৰে তেন্তে ইংৰাজীত অটো ডাব কৰিব পাৰে ৷
দৰ্শকে মূল অডিঅ’ শুনিবলৈ বাছি ল’ব পাৰে
দৰ্শকে ‘অটো-ডাবড’ লেবেলৰ দ্বাৰা অটো-ডাব কৰা ভিডিঅ’ চিনাক্ত কৰিব পাৰে আৰু মূল ভাষা বাছনি কৰিবলৈ ট্ৰেক নিৰ্বাচক ব্যৱহাৰ কৰিব পাৰে । প্লেটফৰ্মটোৱে ভৱিষ্যতৰ ভিডিঅ’ৰ বাবে পছন্দৰ ভাষাৰ ছেটিংছও মনত ৰাখিব ।
ইউটিউবৰ সতৰ্কবাণী
ইউটিউবে এটা ব্লগ পোষ্টত কয় যে অটো-ডাব প্ৰযুক্তি নতুন আৰু সদায় নিখুঁত নহ’বও পাৰে, কিন্তু ইয়াক উন্নীতকৰণৰ বাবে চেষ্টা অব্যাহত থকাৰ বাবে সকলোৰে সমৰ্থন আৰু মতামতক গুৰুত্ব দিয়া হয় ।
"ডাবিঙৰ সঠিকতা আৰু প্ৰকাশভংগী বৃদ্ধিৰ বাবে আমি গুগল ডিপমাইণ্ড আৰু গুগল ট্ৰেন্সলেটৰ সৈতে সহযোগিতা কৰিছো ৷ আগন্তুক আপডেটসমূহে ক্ৰিয়েটৰৰ সুৰ আৰু পৰিৱেশক ভালদৰে ধৰি ৰাখিবলৈ “এক্সপ্ৰেছিভ স্পীচ”ৰ প্ৰৱৰ্তন কৰিব" তেওঁলোকে কয় ।