ETV Bharat / technology

21,78,200 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল ডুকাটিৰ নতুন বাইক - DUCATI DESERTX DISCOVERY

ডুকাটিয়ে ভাৰতীয় বজাৰত মুকলি কৰিছে এখন নতুন বাইক, যাৰ নাম - DesertX Discovery ৷ এই বাইকখনৰ আৰম্ভণি মূল্য 21,78,200 টকা (এক্স-শ্ব’ৰুম) ৷

ducati-desertx-discovery-launched-in-india-price-features
21,78,200 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল ডুকাটিৰ নতুন বাইক (Ducati)
author img

By ETV Bharat Tech Team

Published : Feb 27, 2025, 10:35 AM IST

হায়দৰাবাদ: ইটালীৰ কোম্পানী ডুকাটিয়ে ভাৰতৰ বজাৰত মুকলি কৰিছে এখন নতুন বাইক ডেজাৰ্টএক্স ডিস্কভাৰী । ই এডভেঞ্চাৰ বাইক ষ্টেণ্ডাৰ্ড আৰু ৰেলী ডেজাৰ্টএক্স লাইনআপৰ অংশ । যদিও এই নতুন বাইকখনত অতিৰিক্ত বৈশিষ্ট্য সংযোজন কৰা হৈছে, তথাপিও ইয়াৰ ৰং সলনি কৰা হোৱা নাই । নতুন ফিচাৰৰ বাবে এই বাইকৰ দাম বৃদ্ধি পাইছে ।

Ducati DesertX Discovery মূল্য

ডুকাটি ডেজাৰ্টএক্স ডিস্ক’ভাৰী বাইকৰ মূল্য 21,78,200 টকা (এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয় । যিটো ষ্টেণ্ডাৰ্ড ডুকাটি ডেজাৰ্টএক্স ভেৰিয়েণ্টতকৈ 3.45 লাখ টকা বেছি । এই বাইকে ট্ৰাইমফ টাইগাৰ 900 ৰেলী প্ৰ’ আৰু বিএমডব্লিউ এফ 900 জিএছৰ দৰে অন্যান্য এডভেঞ্চাৰ বাইকৰ সৈতে সহজেই প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

Ducati DesertX Discovery ৰ নতুন বৈশিষ্ট্য

ডুকাটি ডেজাৰ্ট এক্স ডিস্কভাৰী দুটা ৰঙৰ বিকল্পত উপলব্ধ । এটা হৈছে থ্ৰিলিং ব্লেক আৰু আনটো হৈছে ডুকাটি ৰেড । বাইকখনৰ সন্মুখত পূৰ্বতকৈ দীঘল উইণ্ডস্ক্ৰীণ আছে । ইয়াৰ ফলত যাত্ৰাটো অধিক আৰামদায়ক হ’ব । বাইকখনৰ চেণ্টাৰ ষ্টেণ্ড আছে । ইয়াৰ ফলত গাড়ী ৰখাবলৈ সহজ হয় । ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰে টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন সমৰ্থন কৰিব যদি আপুনি চাবস্ক্ৰাইব কৰে ।

Ducati DesertX Discovery ৰ অন্যান্য বৈশিষ্ট্যসমূহ

ইয়াৰ বৈশিষ্ট্যসমূহ ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টৰ সৈতে প্ৰায় একে । ইয়াত 5 ইঞ্চিৰ টি এফ টি ডিছপ্লে আছে যিটো স্মাৰ্টফোনৰ সৈতে সংযোগ কৰিব পাৰি । ইয়াৰ উপৰিও ইয়াত টাৰ্ণ বাই টাৰ্ণ নেভিগেচন, কল আৰু এছএমএছ এলাৰ্ট আৰু ডুকাটি লিংক এপৰ জৰিয়তে সংগীত শুনিব পৰা ব্যৱস্থা আছে । ইয়াৰ উপৰিও ইয়াত 6 টা ৰাইডিং মোড (ট্যুৰিং, স্প’ৰ্টছ, ৱেট, আৰ্বান, এণ্ডুৰো, ৰেলী) আছে । ইয়াত আছে এবিএছ, হুইল কণ্ট্ৰ’ল, ইঞ্জিন ব্ৰেকিং কন্ট্ৰ’ল, ক্ৰুজ কণ্ট্ৰ’ল, ছেল্ফ-কেন্সেলিং ইনডিকেটৰ, ষ্টিয়াৰিং ডেম্পাৰ ফিচাৰ আৰু ইউএছবি চাৰ্জিং প’ৰ্ট ।

ডুকাটি ডেজাৰ্টএক্স ডিস্কভাৰী ইঞ্জিন

ডুকাটি ডেজাৰ্ট এক্স ডিস্কভাৰী বাইকখনত আছে 937চিচি লিকুইড কুল্ড ইঞ্জিন, 6 স্পীড গিয়াৰবক্স । ইঞ্জিনটোৱে 9250 আৰ পি এমত 108.8বিএইচপি শক্তি উৎপাদন কৰিবলৈ সক্ষম । ই 6500 আৰ পি এমত 92 এন এম টৰ্ক উৎপন্ন কৰে । ইয়াৰ ওজন 210 কিলোগ্ৰাম আৰু ইয়াৰ ইন্ধন টেংকৰ ক্ষমতা 21 লিটাৰ ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.