ETV Bharat / state

ধেমাজিত আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থা চেড'ৰ ভূমিকা - SEDO NGO

এনজিঅ' দিৱসৰ দিনটোত চৰ্চাৰ কেন্দ্ৰবিন্দু ধেমাজিৰ চেড' । জিলাখনৰ বিকাশৰ ক্ষেত্ৰত চেড'ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

Socio-Economic Development Organization
আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত চেড'ৰ ভূমিকা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2025, 1:58 PM IST

ধেমাজি : আজি বিশ্ব এনজিঅ' দিৱস ৷ চৰকাৰী পঞ্জীয়নকৃত বহু বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানে সামাজিক দায়ৱদ্ধতাৰে দেশত কাম কৰি আছে ৷ চৰকাৰৰ পৰা পোনপটীয়া সহযোগ অবিহনে চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱা বহুবোৰ কাম এই এনজিঅ'সমূহে কৰি আহিছে ৷ ৰাজ্যখনৰ ভিতৰতে ধেমাজিৰ তেনে এটা অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হৈছে আৰ্থ সামাজিক বিকাশ সংস্থা (Socio-Economic Development Organization) চমুকৈ চেড' ।

চেড'ই ২০০২ চনৰ পৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত সমাজৰ কল্যাণমূলক আৰু সজাগতামূলক কাম কৰি আহিছে । সেই সময়ত অতি বানপীড়িত আৰু অনগ্ৰসৰ ধেমাজি জিলাখনক চৰকাৰৰ আঁচনিয়ে ঢুকি পোৱা নাছিল ৷ যাৰ বাবে কেইবাজনো শিক্ষিত যুৱকৰ প্ৰচেষ্টাত এই সংগঠনটোৰ জন্ম হৈছিল ৷

আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত চেড'ৰ ভূমিকা (ETV Bharat)
  • গ্ৰাম্য অৰ্থনীতি টনকিয়াল হোৱাত চেড'ৰ ভূমিকা

এনজিঅ' দিৱস সন্দৰ্ভত চেড'ৰ মুখ্য ন্যাসৰক্ষী নৱজ্যোতি দত্তই ইটিভি ভাৰতক কয়, "আজি বিশ্ব এনজিঅ' দিৱস ৷ প্ৰথমে এনজিঅ'ৰ লগত জড়িত সকলোলৈ শুভেচ্ছা জনাইছো ৷ মই এনজিঅ' খণ্ডত জড়িত হোৱা প্ৰায় ২২ বছৰ হৈছে ৷ শিক্ষা শেষ কৰি ঘৰলৈ অহাৰ পিছত সমাজৰ কাৰণে কিবা এটা কৰাৰ প্ৰয়াস কৰিছিলো ৷ সেই সময়ত আমাৰ মনলৈ আহিছিল যিসময়ত ধেমাজি জিলাখন বানপীড়িত, উদ্যোগবিহীন আৰু ভয়াৱহ নিবনুৱা সমস্যাত আক্ৰান্ত আছিল । সেয়ে জিলাখনত কেনেকৈ সংস্থাপন সৃষ্টি কৰিব পৰা যায় সেই কথাটো মনলৈ অহাত ১০/১২ জনে এই সংস্থাটো ২০০২ চনত আৰম্ভ কৰিছিলো ৷’’

‘‘প্ৰথমে গাঁৱে গাঁৱে আত্মসহায়ক গোট গঠন কৰিছিলো । সেই সময়ত আমি গাঁৱত ক্ষিপ্ৰতাৰে কাম কৰাত সফলতা লাভ কৰিছিলো । পৰৱৰ্তী সময়ত স্বাস্থ্য, শিক্ষা আদি বেলেগ বেলেগ খণ্ডত কাম কৰি আছো ৷ মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰি আছো । বিভিন্ন দুৰ্যোগৰ সময়ত মানুহক সহায় কৰি আহিছো ৷ শেহতীয়াকৈ বানপীড়িত অঞ্চলত জীৱিকা নিৰ্বাহৰ বাবে এটি কাম হাতত লৈছো ৷ অনাগত দিনত ধেমাজিত কৰিবলগীয়া বহুত কাম আছে ৷" দত্তই কয় ৷

Socio-Economic Development Organization
আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত চেড'ৰ ভূমিকা (ETV Bharat)

তেওঁ লগতে কয়, "এখন চৰকাৰে আঁচনি ৰূপায়ণ কৰিলে চুকে-কোণে সকলো সামৰি লোৱাটো বা চোৱাচিতা কৰাটো সম্ভৱপৰ হৈ নুঠে ৷ কিন্তু এনজিঅ'বোৰে কম পৰিসৰত নিৰ্দিষ্ট অঞ্চলত কাম কৰে সেয়ে অধিক মনোযোগ দিব পাৰে ৷ চৰকাৰে কাম কৰি যাওঁতে ৰৈ যোৱা গেপখিনি এনজিঅ'বোৰে কৰিব পাৰে ৷ এনজিঅ'ৰ জৰিয়তে সংস্থাপন সৃষ্টি হয় আৰু সমাজসেৱা হয় ৷ গতিকে অনাগত দিনত সম্ভাৱনীয়তা বহুত আছে ৷"

  • চৰকাৰৰ ভূমিকাক লৈ চিন্তিত

চৰকাৰৰ বহুত কৰণীয় আছে । চৰকাৰে পোনপটীয়াকৈ কৰিব নোৱাৰা কাম এনজিঅ'ৰ জৰিয়তে সহজতে কৰিব পাৰে ৷ সেয়ে এইক্ষেত্ৰত তেওঁ উদ্বেগ প্ৰকাশ কৰি কয়, "বৰ্তমান চৰকাৰে এনজিঅ'বোৰক কঠিন দৃষ্টিৰে চোৱা যেন অনুভৱ হয় ৷ যথেষ্ট কঠোৰ নীতি নিয়ম আৰোপিত কৰিছে ৷ কিছু ক্ষেত্ৰত কঠোৰতা প্ৰয়োজন যদিও আন্তৰিকতাৰে কাম কৰি যোৱা এনজিঅ'বোৰে বাধাৰ সন্মুখীন হয় । সেয়ে এনজিঅ'ক সন্দেহত নলৈ চৰকাৰে সহযোগিতা কৰিলে দেশৰে কল্যাণ আৰু মংগল হ'ব ।"

লগতে পঢ়ক :কাৰাবন্দীসকলৰ শিক্ষা সুনিশ্চিত কৰাৰ অনন্য পদক্ষেপ - MORIGAON DISTRICT JAIL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.