ETV Bharat / state

কেন্দ্ৰীয় বাজেটৰ ফলত অসম কেনেদৰে উপকৃত হ'ব ? - UNION BUDGET 2025

কেন্দ্ৰীয় বাজেটে অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কেনেদৰে কাম কৰিব ? অসমৰ শিক্ষামন্ত্ৰীয়ে কৰিলে ব্যাখ্যা ।

Union Budget
কেন্দ্ৰীয় বাজেটৰ ফলত উপকৃত হ'ব অসম (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2025, 4:49 PM IST

লখিমপুৰ: কেন্দ্রীয় বাজেটক লৈ বিভিন্ন প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে বৃহস্পতিবাৰে লখিমপুৰত সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বাজেটে অসমৰ সৰ্বাংগীণ উন্নয়ন সাধনত অৰিহণা যোগাব বুলি দাবী কৰে । সংবাদমেলত তেওঁ বাজেটৰ বিভিন্ন দিশ ব্যাখ্যা কৰি অসম কেনেদৰে উপকৃত হ'ব সেই বিষয়ত আলোকপাত কৰে ।

চৰকাৰে গ্রহণ কৰা কেতবোৰ আঁচনিৰ যোগাত্মক দিশো তেওঁ আলোকপাত কৰে । তেওঁ কয়, "কেন্দ্রীয় বাজেটে অসমৰ সৰ্বাংগীণ বিকাশ সাধনত অৰিহণা যোগাব" ৷

কেন্দ্ৰীয় বাজেটৰ ফলত উপকৃত হ'ব অসম (ETV Bharat)

বিশ্বৰ ভিতৰতে অসমত প্ৰথম বাঁহৰ পৰা প্ৰস্তুত হ'ব ইথানল

সংবাদমেলত মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, "কেন্দ্রীয় বাজেটে অসমৰ সৰ্বাংগীণ বিকাশ সাধনত অৰিহণা যোগাব । শিক্ষা, স্বাস্থ্য, কৃষি, উদ্যোগ আদি সকলো দিশতে বাজেটখনে অসমৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধন কৰিব" ৷

বাজেটে উপকৃত কৰিব পৰা দিশসমূহ উল্লেখ কৰাৰ লগতে চৰকাৰে সামগ্ৰিকভাৱে বিভিন্ন ক্ষেত্রত ৰূপায়ণ কৰিবলৈ গ্ৰহণ কৰা আঁচনিসমূহৰ ওপৰতো তেওঁ ব্যাখ্যা আগবঢ়ায় । মন্ত্রীগৰাকীয়ে কয়, "পি এম ডিভাইন আঁচনিৰ অধীনত আমি কামৰূপ আৰু কামৰূপ মেট্ৰ'ত বিদ্যালয় নিৰ্মাণ কৰিছো । ইয়াৰ পুঁজি আৱণ্টন বৃদ্ধি কৰা হৈছে ৷ একেদৰে নেছিদৰ পুঁজিৰে বিদ্যালয়ৰ আন্তঃগাঁথনি সৃষ্টি হ'ব ৷ উদ্যমিতাৰ বাবে প্ৰধানমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিয়ে উপকৃত কৰিব ৷ কৃষিক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে মাহজাতীয় শস্য উৎপাদনত চৰকাৰে গুৰুত্ব দিছে ৷ সৰিয়হ আৰু গোমধানক নগদ কৃষি হিচাপে প্ৰতিষ্ঠা কৰিব । বাজেটে গ্ৰীণ এনাৰ্জিক গুৰুত্ব দিছে । অসমত গ্ৰীণ এনাৰ্জিত বিনিয়োগ হ'ব" ৷

মন্ত্ৰীগৰাকীয়ে কয়, "বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ আঁচনি লোৱা হৈছে । বিশ্বৰ ভিতৰত প্রথম অসমত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা হ'ব । পৰৱৰ্তী সময়ত চাউল, মাকৈ আদিৰ পৰাও ইথানল প্ৰস্তুত কৰাৰ আঁচনি লোৱা হৈছে" ৷

শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ আঁচনি

তেওঁ লগতে কয়, "আই টি আইৰ চাটিৰ্ফিকেটখন দশম শ্ৰেণীৰ সমপৰ্যায়ৰ হ'ব ৷ পলিটেকনিক পাছ কৰিলে আই আই টি আৰু অভিযান্ত্ৰিক শিক্ষা লাভ কৰিব পাৰিব । এ আই বিদ্যালয়ত ঐচ্ছিক বিষয়ৰ পাঠদান নৱম শ্ৰেণীৰ পৰা হ'ব । নৱম শ্ৰেণীৰ পৰা এ আই আৰু ৰ'ব'টিক শিক্ষা লাভ কৰিব পাৰিব । ইয়াৰ বাবে টাটাই হাব চেণ্টাৰ নিৰ্মাণ কৰিব ৷ কেইবছৰমানৰ বাবে তেওঁলোকে শিক্ষক নিয়োগ কৰি পৰৱৰ্তী সময়ত আমাৰ শিক্ষকৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব" ৷

তেওঁ লগতে কয়, "অসমৰ ৩৪ খন পলিটেকনিকত উন্নত মানৰ কাৰিকৰী শিক্ষা প্ৰদান কৰা হ'ব । একেদৰে এইবৰ্ষৰ পৰা ৰ'ব'টিক শিকিবৰ বাবে বিদ্যালয়সমূহত ব্যৱস্থা কৰা হ'ব" ৷ সংবাদমেলত বাজেটখন অসমৰ বাবে যথেষ্ট উপযোগী বুলিও কয় মন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে, আগন্তুক সময়ত ১১ টা বিভাগত কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থাও চৰকাৰে কৰিব । সংবাদমেলত বিজেপিৰ জিলা সভাপতি শ্যামল শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক: ধেমাজিত আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত স্বেচ্ছাসেৱী সংস্থা চেড'ৰ ভূমিকা - SEDO NGO

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.