নলবাৰী: এনেকৈয়ো মৃত্যু আহে নে ! ১৮ দিন পূৰ্বে মাতৃৰ মৃত্যুত ছুটী লৈ পুনৰাই কৰ্তব্যত যোগদান কৰা নহ'ল অসম আৰক্ষীৰ এগৰাকী বিষয়া বিৰিঞ্চি দাসৰ । বৃহস্পতিবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰূপে কৰ্তব্যত যোগদান কৰাৰ কথা আছিল আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ ।
কিন্তু নিষ্ঠুৰ নিয়তিয়ে ৰৈ আছিল আদবাটত । বুধবাৰে নিশা মহানগৰীৰ লালমাটিৰ গেমছ ভিলেজত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী সৎ, নিষ্ঠাবান আৰক্ষী বিষয়াৰূপে সকলোৰে পৰিচিত বিৰিঞ্চি দাসে ।
স্কুটিৰে ওলাই অহা আৰক্ষী বিষয়াগৰাকীক এখন তীব্ৰবেগী চুইফট বাহনে খুন্দিওৱাত থিতাতে মৃত্যু ঘটে । এই খবৰ বিয়পি পৰাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে অসম আৰক্ষী । ওচৰৰে পৰা পোৱা সহকৰ্মী-বিষয়াসকলো শোকত ম্ৰিয়মান হৈ পৰিছে । শোকস্তব্ধ হৈছে আৰক্ষী বিষয়াগৰাকীক লগ পোৱা দোকানীজনো । কোনেও ভবা নাছিল বিৰিঞ্চি দাসৰ এনে খবৰ আহিব বুলি !
কিন্তু নিষ্ঠুৰ নিয়তিৰ হুকুমত সেয়াই ঘটি গ'ল মহানগৰীৰ ঘাইপথত । উল্লেখযোগ্য যে, নগাঁৱৰ বিৰিঞ্চি দাসে যোৱা ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰূপে কৰ্মৰত হৈ আছিল ঘগ্ৰাপাৰ আৰক্ষী থানাত । ১৮ দিন পূৰ্বে তেখেতৰ মাতৃৰ মৃত্যু ঘটাত ছুটী লৈ ঘৰলৈ গৈছিল আৰক্ষী বিষয়াগৰাকী । আজি অৰ্থাৎ বৃহস্পতিবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাত পুনৰায় যোগদান কৰি ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ দিন আছিল ।

কিন্তু সেয়া হৈ নুঠিল । নিশা কাল দুৰ্ঘটনাই কাঢ়ি লৈ গ'ল আৰক্ষী বিষয়াগৰাকীৰ জীৱন । আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অসম আৰক্ষীৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ প্ৰতিগৰাকী বিষয়া, কৰ্মচাৰী শোকত মৰ্মাহত হৈ পৰিছে । সহকৰ্মীসকলে ব্যক্ত কৰে যে, বিৰিঞ্চি দাস এগৰাকী সৎ আৰু নিষ্ঠাবান আৰক্ষী বিষয়া আছিল । ৰাইজ আৰু আৰক্ষীৰ সম্পৰ্ক কেনেদৰে সুস্থ কৰি ৰাখিব লাগে, সেই গুণ তেওঁৰ দেহত আছিল ।
সহকৰ্মীৰ পৰা কনিষ্টবল আৰু ওচৰৰ দোকানীজনলৈও নিষ্ঠাৰ চিনাকি দি যায় বিৰিঞ্চি দাসে । যাৰ বাবে এই মৃত্যুত এতিয়া সকলোৱে টুকিছে চকুলো । ঘগ্ৰাপাৰ আৰক্ষীৰ সহকৰ্মীয়ে জানিবলৈ দিয়া মতে, সম্প্ৰতি আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH ৰ মৰ্গত ৰখা হৈছে । জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াই যদি অনুমতি প্ৰদান কৰে ঘগ্ৰাপাৰ আৰক্ষী থানালৈ তেখেতৰ নশ্বৰ দেহ আনি শেষ শ্ৰদ্ধা জনোৱা হ'ব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে সহ আৰক্ষী উপ-পৰিদৰ্শকে ।