ETV Bharat / state

কাৰ্বি আংলঙত বন্ধ হ'ব অবৈধ ইটাভাতা; বাজেট অধিৱেশনত সিদ্ধান্ত - KAAC BUDGET SESSION 2025

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন । অবৈধ ইটাভাতা বন্ধ কৰাৰ সিদ্ধান্ত । ২,৫০০ কোটিৰ অস্থায়ী বাজেট দাখিল ।

KAAC Budget Session 2025
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2025, 9:26 AM IST

ডিফু : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৫০ সংখ্যক অধিৱেশনত বুধবাৰে ২০২৫-২৬ বৰ্ষৰ বাবে অস্থায়ী বাজেট দাখিল কৰা হয় ৷ ২৫০ সংখ্যক অধিৱেশনত পৰিষদৰ বাবে অস্থায়ী বাজেট দাখিল কৰে বিত্ত বিভাগৰ ভাৰপ্ৰাপ্ত তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৷

বাজেট দাখিলৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰংহাঙে কয়, "এইখন অস্থায়ীভাৱে দাখিল কৰা বাজেট ৷ কাৰণ অসম চৰকাৰে বাজেট দাখিলৰ পাছতহে আমাৰ এই বাজেট দাখিল কৰিবলৈ সক্ষম হ'ম ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ জনসাধাৰণৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত উত্থাপন কৰা বিভিন্ন দাবী আৰু প্ৰস্তাবসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে ৷ এইবাৰ বাজেটত পৰিষদৰ অধীনৰ চৰকাৰী গাঁওবুঢ়াসকলৰ বাজেট বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হয় ৷ দুই হাজাৰ পাঁচশ কোটিৰ ওপৰত আনুমানিক বাজেট ধাৰ্য কৰা হৈছে ৷"

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন (ETV Bharat Assam)

উল্লেখ্য যে, পৰিষদৰ পূৰ্ণাংগ বাজেট অসম চৰকাৰে বাজেট গ্ৰহণ কৰাৰ পিছত দাখিল কৰা হ'ব বুলি চি ই এম তুলিৰাম ৰংহাঙে প্ৰকাশ কৰে ৷ ৰংহাঙে সংবাদ মাধ্যমৰ আগত লগতে কয়, "কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিজাববীয়া বাজেট প্ৰথমবাৰৰ বাবে পৰিষদে প্ৰস্তুত কৰিছে ৷ পূৰ্বে জয়ন্ত ৰংপি সাংসদ হৈ থকাৰ সময়ত নিজাববীয়া বাজেট প্ৰস্তুতৰ অনুমতি বিচাৰি বহু দাবী উত্থাপন কৰা হৈছিল যদিও ই সম্ভৱ হৈ উঠা নাছিল ৷ অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ই সম্ভৱ হৈছে । ইয়াৰ বাবে জিলাবাসীৰ হৈ মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো ৷"

আনহাতে, কাৰ্বি আংলঙত অবৈধভাৱে চলি থকা ইটাভাতাসমূহৰ বিৰুদ্ধে সদনত এম এ চি মুকুট মহন্তই কৰা প্ৰশ্ন সন্দৰ্ভ সচিবক তদন্ত কৰি এই মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে চি ই এমে । লগতে অবৈধ ইটাভাতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তুলিৰাম ৰংহাঙে প্ৰকাশ কৰে ৷

লগতে পঢ়ক :৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অসম - EARTHQUAKE HITS ASSAM
লগতে পঢ়ক :পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.