মাজুলী : মাজুলীৰ চামগুৰি সত্ৰ বুলিলেই মনলৈ আহে বিশ্ব প্ৰসিদ্ধ মুখাশিল্পৰ কথা । মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰিবলৈ আমাৰ দেশৰ লগতে বিদেশৰ পৰাও প্ৰতিবছৰে বহু লোকৰ আগমন ঘটে ।
এই চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ৰাস, ভাওনা আদিত ব্যৱহাৰ কৰিবৰ বাবে আমদানি কৰে । আনহাতে, মাজুলীৰ চামগুৰি সত্ৰত মুখাশিল্প শিকিবৰ বাবেও মাজুলীৰ লগতে দেশ-বিদেশৰ বহু লোকৰ প্ৰতিবছৰে আগমন ঘটে ।
মাজুলীত বিগত প্ৰায় এসপ্তাহ ধৰি থকা ইজৰাইলৰ ছেন আৰু নয়া নামৰ দুই যুৱতীয়ে চামগুৰিৰ মুখাশিল্প দৰ্শন কৰিবলৈ আহি এই শিল্পৰ প্ৰতি আকৰ্ষিত হৈ মুখা নিৰ্মাণৰ প্ৰশিক্ষণ লয় । বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামী আৰু মুখাশিল্পী খগেন গোস্বামীৰ ওচৰত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰে ।
এই সন্দৰ্ভত চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী পদ্মশ্ৰী ড° হেমচন্দ্ৰ গোস্বামীয়ে কয়, "কলাৰ লগত কোনো জাতি, বৰ্ণ, ধৰ্মৰ সম্পৰ্ক নাই । কলাই মানুহক আনন্দ দিয়ে । যিয়ে কলাক ভালপায়, সেই কলাক ভালপোৱাসকলে মুখাশিল্প শিকি আছে । অসমৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ লোকে আহি বিভিন্ন সময়ত মুখাশিল্প শিকি আছে । এইসকল শিক্ষাৰ্থীয়ে ইয়াৰ পৰা মুখা তৈয়াৰ কৰি নিজ নিজ দেশলৈ মুখা লৈ গৈছে আৰু এনেদৰে মাজুলীৰ মুখাশিল্প গোটেই জগতত বিয়পি পৰিছে ।"

ইফালে মুখাশিল্পী খগেন গোস্বামীয়ে কয়, "সাত সাগৰ তেৰ নৈ পাৰ হৈ আহি মুখাশিল্প শিকিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । তাৰ বাবে গৌৰৱ অনুভৱ কৰিছো ।" তেওঁ লগতে কয়, "ইজৰাইলৰ এই দুই যুৱতীয়ে খুব আগ্ৰহেৰে মুখাশিল্প শিকিছে, যাৰ বাবে যথেষ্ট ভাল লাগিছে । অতি কম সময়তে তেওঁলোকে মুখাশিল্প যথেষ্টখিনি আয়ত্ত কৰিবলৈ সক্ষম হৈছে । তেওঁলোকে দুখন মুখা ইতিমধ্যে তৈয়াৰ কৰিছে ।"
ইফালে এই দুই যুৱতীয়ে মুখাশিল্প শিকি কয়, "মুখাশিল্প শিকিবলৈ পাই যথেষ্ট ভাল লগিছে । মুখাশিল্প যথেষ্ট আকৰ্ষণীয় ।" লগতে মাজুলীখন শান্তিপ্রিয় ঠাই বুলি মন্ত্যব প্ৰকাশ কৰে এই দুই যুৱতীয়ে ।