ETV Bharat / state

চৰকাৰৰ বাবে আঁঠুৱাৰ তলত খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে ডিব্ৰুগড়বাসীয়ে ! - Flies terror in Dibrugarh

Flies terror in Dibrugarh: মাখিয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ডিব্ৰুগড়ত ৷ জিলাখনৰ লেকাই ঠাকুৰথানৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পত ভয়ংকৰ পৰিৱেশ ৷ শংকিত অঞ্চলবাসী । মাখিৰ বাবে আঁঠুৱাৰ তলত খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷

Flies are causing terror in Lekai Thakur Than Dibrugarh
মাখিৰ উপদ্ৰৱ (Etv bharat assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 10:14 AM IST

মৰাণ, 24 মে’ : মাখিৰ উপদ্ৰৱত আঁঠুৱা তৰি খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লেকাই ঠাকুৰথানবাসীয়ে ৷ মাখিৰ উপদ্ৰৱত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । জানিব পৰা মতে, লেকাই ঠাকুৰথানত চৰকাৰৰ উদ্যোগত দুবছৰ পূৰ্বৰে পৰা আৰম্ভ হৈছিল গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ কাম আৰু ইয়াৰ পৰাই উদ্ভৱ হোৱা অত্যাধিক মাখিৰ ফলত এতিয়া সৰ্বস্বান্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

মাখিৰ উপদ্ৰৱ (Etv bharat assam)

দিন-দুপৰতে আঁঠুৱা তৰি নিজৰ খাদ্য গ্ৰহণ কৰিবলগীয়া হৈছে লেকাই ঠাকুৰথানৰ নাগৰিকে । ইয়াৰ লগতে দিন-ৰাতি কোনো সময়তে শুব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে লেকাই ঠাকুৰথানত । মাছৰ বজাৰ, ফল-মূলৰ বজাৰ আদিতো অত্যধিক মাখিৰ ফলত এতিয়া খুচুৰা ব্যৱসায়ীসকল মূৰে কঁপালে হাত দিবলগীয়া হৈছে । মাখিৰ ফলত স্থানীয় লোকসকলে বজাৰ-সমাৰ তথা ঘৰৰ বাহিৰলৈ ওলাবলৈও বাদ দিছে ।

বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থা । চৰকাৰী এই প্ৰকল্পটো বহিঃ ৰাজ্যৰ এটি কোম্পানীক প্ৰশাসনে হস্তান্তৰ কৰা ফলতেই এতিয়া কোম্পানীটোৱে গোটা আৱৰ্জনাসমূহ নিষ্কাশনৰ পৰিৱৰ্তে দৈনিক বৃহৎ জাৱৰৰ দমবোৰ প্ৰকল্পটোৰ ভিতৰত সংগ্ৰহ কৰি থোৱাৰ বাবেই এনেদৰে অত্যধিক মাখিৰ উপদ্ৰৱ হৈছে বুলি অঞ্চলবাসীয়ে অভিযোগ কৰিছে ।

কমিছনৰ অংকত একাংশ থলুৱা ঠিকাদাৰো এই কাৰ্যত জড়িত হৈ থকা বাবে এই সমস্যা কম হোৱাৰ পৰিৱৰ্তে অঞ্চলটোত যথেষ্ট বৃদ্ধি পাইছে । মাখিৰ নিৰাময়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঠিকাদাৰ প্ৰতিষ্ঠানৰ লগতে জিলা প্ৰশাসনক দাবী জনাই অহাৰ পিছতো এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ পৰা দৈনিক ওলোৱা জাৱৰ নিষ্কাশনৰ বাবে ডিব্ৰুগড়ৰ লেকাইত স্থাপন কৰা হৈছে এই প্ৰকল্পটো । প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ পাছতে প্ৰকল্পটোত নিয়োজিত একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অৱহেলা আৰু দায়িত্বহীনতাৰ পৰিণতিতে জাবৰৰ দমৰ পৰা উৎপন্ন হৈছে জাক জাক মাখি । জাবৰৰ পৰা যাতে কোনো বীজাণু বা পোক, পৰুৱা, মাখি আদিৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে বীজাণুনাশক দ্ৰব্য স্প্ৰে’ কৰিব লাগে যদিও সেয়া নকৰাৰ পৰিণতিত এতিয়া বিস্তৃত অঞ্চলটোত মাখিয়ে ছানি ধৰিছে ।

ইয়াৰ পূৰ্বে ৰাইজে এই সমস্যাৰ বাবে মাৰ বান্ধি ওলাই আহিছিল । জাৱৰ নিষ্কাশনৰ প্ৰকল্পটো সু-পৰিকল্পিত কৰাৰ আশ্বাস দিছিল প্ৰশাসনে । কিন্তু কাৰ্যতঃ হৈ নুঠাত পুনৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়ক: জিঅ' বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ চেষ্টা: নৈপৰীয়াৰ ওঁঠত বিৰিঙিছে হাঁহি - Erosion In Barpeta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.