ETV Bharat / state

৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অসম - EARTHQUAKE HITS ASSAM

বৃহস্পতিবাৰে পুৱতি নিশা হঠাৎ কঁপি উছিল ৰাজ্য ৷ ২.১৫ বজাত সংঘটিত ভূমিকম্পটোৰ উৎপত্তিস্থল মৰিগাঁৱত আৰু ইয়াৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ১৬ কিঃমিঃ গভীৰতাত ।

Earthquake hits Assam
৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অসম (ANI)
author img

By ANI

Published : Feb 27, 2025, 6:52 AM IST

মৰিগাঁও : বৃহস্পতিবাৰে পুৱতি নিশা ভূমিকম্পই জোকাৰি গ'ল অসম । পুৱা প্ৰায় তিনি বজাত সংঘটিত ভূমিকম্পৰ কম্পন গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হয় । আনহাতে, গভীৰ টোপনিত শোৱাপাটীত থকাৰ সময়ত সংঘটিত এই ভূমিকম্পত ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয় ।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (এন চি এছ) জনোৱা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫ । ইয়াৰ উৎপত্তিস্থল মৰিগাঁও জিলা । এন চি এছৰ মতে, পুৱা ২.২৫ সংঘটিত হোৱা এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা ১৬ কিলোমিটাৰ গভীৰতাত ।

"২৭ ফেব্ৰুৱাৰীত ভাৰতীয় সময় মতে পুৱা ২.২৫ বজাত ২৬.২৮ উত্তৰ অক্ষাংশ আৰু ৯২.২৪ পূব দ্ৰাঘিমাংশত অৱস্থিত অসমৰ ৫ প্ৰাবল্যৰ এটা ভূমিকম্প সংঘটিত হয় । ইয়াৰ গভীৰতা 16 কিঃমিঃ ।" এন চি এছৰ X হেণ্ডেলত কোৱা হৈছে ।

উল্লেখ্য যে, অসম আটাইতকৈ ভূকম্পন প্ৰৱণ অঞ্চলবোৰৰ ভিতৰত এটাত অৱস্থিত হোৱাৰ বাবে ইয়াত ভূমিকম্প সচৰাচৰ সংঘটিত হৈ থাকে । অসম হৈছে ভূকম্পন ক্ষেত্ৰ ৫-ৰ অন্তৰ্গত হয় । ইয়াৰ অৰ্থ হৈছে ৰাজ্যখনত শক্তিশালী ভূকম্পনৰ প্ৰবল সম্ভাৱনা আছে । অৱশ্যে বৃহস্পতিবাৰে সংঘটিত ভূমিকম্পটোৰ ফত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই ।

উল্লেখ্য যে, বিগত বছৰবোৰত অসমত বহুকেইটা বৃহৎ ভূমিকম্প সংঘটিত হৈ গৈছে । ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু ক্ষতিকাৰক ভূমিকম্প দুটা সংঘটিত হৈছিল ১৮৯৭ আৰু ১৯৫০ চনত । ১৯৫০ চনত অসম-তিব্বত ভূমিকম্প (8.6 প্ৰাবল্য) আৰু 1897 চনৰ শ্বিলং ভূমিকম্প (8.1 প্ৰাবল্য) দুটা ইতিহাসৰ আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ভিতৰত পৰে ।

লগতে পঢ়ক :পাচি-খৰাহি নহয়, এইবাৰ বাঁহৰ পৰা হ'ব মোজা-অন্তৰ্বাস ! অসমলৈ আহিল এক অনন্য উদ্যোগ - BAMBOO SOCKS INDUSTRY IN ASSAM
লগতে পঢ়ক :হুকোলু পে': উত্তৰ-পূবত ভাষাৰ প্ৰতিবন্ধকতা আঁতৰোৱাৰ পৰিকল্পনাৰে নতুন পেমেণ্ট গেটৱে - HOOKOLUPAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.