ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কৌশলেৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পেলাই থৈছিল: ৰিতুৰঞ্জন দাস - DYFI PRESS CONFERENCE

এ পি এছ চি কেলেংকাৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাপ দিয়াৰ অভিযোগ ডি ৱাই এফ আইৰ । সংবাদমেল সম্বোধন কৰি বিস্ফোৰক অভিযোগ ।

DYFI addresses press conference on APSC scam
এপিএছচি কেলেংকাৰীক গাপ দিয়াৰ অভিযোগ ডি ৱাই এফ আইৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 27, 2025, 8:18 PM IST

গুৱাহাটী: ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাপ দিছে বুলি গুৰুতৰ অভিযোগ কৰিছে ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতুৰঞ্জন দাসে । বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি সম্পাদক ৰিতুৰঞ্জন দাসে কয়, "ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰি প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ইতিমধ্যে বিধানসভাত উপস্থাপন কৰাৰ মাজেৰে ৰাজহুৱা কৰা হৈছে" ৷

তেওঁ লগতে কয়, "ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতি কৌশলেৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পেলাই থৈছিল । ২০২২ চনৰ ২ এপ্ৰিলত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ২০১৩ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ প্ৰতিবেদন অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে গ্রহণ কৰে যদিও বিগত ৩ বছৰে বিধানসভাত এই প্রতিবেদন উপস্থাপন নকৰিলে ।

এপিএছচি কেলেংকাৰীক গাপ দিয়াৰ অভিযোগ ডি ৱাই এফ আইৰ (ETV Bharat Assam)

এয়া আছিল সম্পূৰ্ণ আইন বিৰোধী যিহেতু Commission of Inquiry Act 1952 ৰ ধাৰা 3 (4) অনুসৰি তদন্ত আয়োগৰ প্ৰতিবেদন ৬ মাহৰ ভিতৰত কাৰ্যকৰীকৰণৰ তথ্য সহ (Memorandum of the Action Taken) বিধানসভাত উপস্থাপন কৰিব লাগিছিল । এই কাৰ্য আছিল সম্পূৰ্ণ ইচ্ছাকৃত যিহেতু চৰকাৰে এই ঠগ, প্ৰৱঞ্চনাৰে বাচনিভূক্ত ৰাজপত্ৰিত বিষয়াক সুৰক্ষা প্ৰদান কৰাই নহয় পদোন্নতি দিও আহিছে ।

তেওঁ অভিযোগ কৰি কয়, "বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ মূল বিষয়ক কৌশলেৰে গাপ দি মুখ্যমন্ত্ৰীয়ে অন্য বিষয়ত প্ৰাধান্য দিছে । চৰকাৰে যে সুৰক্ষা প্ৰদান কৰিছিল আৰু এই ঠগ-প্ৰৱঞ্চক বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা নাছিল সেয়া ইতিমধ্যে স্পষ্ট হৈছে । চৰকাৰৰ হেমাহি সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে WP (C)532/25 আৰু অন্যান্য সংলগ্ন গোচৰত প্ৰায় ১৭ গৰাকী নিলম্বিত প্ৰাৰ্থীৰ বিৰুদ্ধে থকা বিভাগীয় তদন্ত আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ দিয়ে যাৰ বাবেই একাংশ বক্রপথৰে বাছনিভুক্ত প্ৰাৰ্থীৰ পুনৰ মকৰলৰ পথ প্রশস্ত হয়" ৷

ইয়াৰোপৰি তেওঁ কয়, "গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়ত স্পষ্ট হৈছে এইসকল বিষয়াৰ বিভাগীয় ব্যৱস্থা আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ দিয়া হয় ৷ কাৰণ ন্যায়িক আয়োগৰ প্ৰতিবেদন অনুসৰিয়েই এইসকল বিষয়াক নিলম্বন কৰা হৈছিল কিন্তু এই প্রতিবেদনৰ প্ৰতিলিপি এওঁলোকক দিয়া হোৱা নাছিল । তেওঁলোকক প্ৰতিলিপি দিব পৰা হোৱা নাছিল, কাৰণ ন্যায়িক আয়োগৰ প্ৰতিৱেদন ছমাহৰ ভিতৰত বিধান সভাত উপস্থাপন কৰি ৰাজহুৱা কৰা নহ'ল । অৰ্থাৎ সম্পূৰ্ণ ভুল আছিল চৰকাৰৰ আৰু এনে কাৰ্য আছিল ইচ্ছাকৃত । এই ৰায়ৰ কিছুদিন পূর্বে আন দুজন বিষয়া ক্রমে প্রিয়ংকা ডেকা আৰু জয়ন্ত দলেও প্রধানকৈ গৃহ আৰু ৰাজনৈতিক বিভাগে আদালতত সময়মতে শপতনামা নিদিয়াৰ বাবেই বিভাগীয় ব্যৱস্থা আৰু নিলম্বনৰ নিৰ্দেশত স্থগিতাদেশ লাভ কৰে । গতিকে চৰকাৰৰ এই কাৰ্যই কেৱল একাংশ বক্রপথেৰে বাচনিভুক্ত বিষয়াক আইনী সুৰুঙা সৃষ্টি কৰি চাকৰি ঘূৰাই পোৱাৰ পথ প্রশস্ত কৰি দিয়াই নহয়, ন্যায়ালয় তথা ভাৰতীয় সংসদে প্ৰস্তুত কৰা আইনকো চৰম ভেঙুচালি কৰে" ৷

সংবাদমেলত ডি ৱাই এফ আইৰ নেতা নিৰংকুশ নাথে কয়,"চৰকাৰখনে এই ঠগ প্রবঞ্চকসকলক সুৰক্ষা দিয়া ক্ষেত্ৰত নিকৃষ্টতম পন্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈ আহিছে । শর্মা আয়োগে ২০১৩ বৰ্ষৰ প্রতিবেদনখন সম্পূর্ণ কৰি ১৫ মার্চ ২০২২ আৰু ২১ মার্চ ২০২২ ত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ প্রতিবেদন গ্রহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও চৰকাৰৰ তৰফৰ পৰা প্রতিবেদন গ্রহণ কৰা নহ'ল । এইয়া আছিল সম্পূৰ্ণ পৰিকল্পিত" ৷

তেওঁ লগতে কয়, "১ এপ্ৰিল ২০১৩ তাৰিখে ন্যায়িক আয়োগে স্পষ্টকৈ বক্রপথেৰে বাচনিভুক্ত বুলি অভিযুক্ত কৰা বহু বিষয়াক অতিৰিক্ত উপায়ুক্তলৈ পদোন্নতি দি ২ এপ্ৰিল ২০২২ তহে এই ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিছিল । ২০ মে' ২০২২ ত ২০১৩ বৰ্ষৰ পৰীক্ষাৰ ন্যায়িক আয়োগৰ প্রতিবেদনখন পৰীক্ষা কৰি কাৰ্যকৰীকৰণৰ বাবে মুখ্য সচিব জিষ্ণু বৰুৱাৰ অধ্যক্ষতাত পুনৰ এখন ৫ জনীয়া চুপাৰ কমিটি গঠন কৰে" ৷

নাথে লগতে কয়, "আচৰিত কথা যে এইখিনি সময়ৰ ভিতৰতে বক্রপথেৰে বাচনিভুক্ত বুলি ন্যায়িক আয়োগে অভিযুক্ত কৰা বহু বিষয়াক পুৰষ্কৃত কৰা হৈছে । আনকি ন্যায়িক আয়োগৰ প্ৰতিবেদন দাখিল হোৱাৰ বহু পূর্বেই ডিব্ৰুগড় আৰক্ষীৰ পৰিপূৰক অভিযোগনামাত নাম থকা বহু বিষয়াক চৰকাৰে ‍পদোন্নতি দিছিল" ৷

ৰিতুৰঞ্জন দাসে কয়, "এই প্ৰতিবেদন যদি সঠিকভাৱে কাৰ্যকৰী নকৰে, তেন্তে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে বিভিন্ন সংগঠন, ব্যক্তি আৰু সাধাৰণ ৰাইজক ঐক্যবদ্ধ কৰি চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলন আৰু প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ২০২৬ ত বিজেপি চৰকাৰক পৰাস্ত কৰাৰ বাবে সৰ্বাত্মক স্থিতি গ্ৰহণ কৰিব" ৷

লগতে পঢ়ক: APSC কেলেংকাৰী কেৱল বিষয়া পৰ্যায়তে হোৱা নাছিল; CBI তদন্তৰ দাবী AJYCPৰ - AJYCP ON APSC SCAM REPORT

ৰাকেশ পালক নিযুক্তি দিয়া ফাইলত চহী কৰিবলৈ কোন মন্ত্ৰীয়ে হেঁচা দিছিল তৰুণ গগৈক ? - APSC CHAIRMAN CONTROVERSY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.