গুৱাহাটী: অসমৰ সমাজ জীৱনৰ এটা পৰিচিত উদ্ভিদ 'বান্দৰ কেঁকোৱা' । বান্দৰ কেঁকোৱা বুলি ক'লে সাধাৰণতে সকলোৰে মনলৈ অসহ্য খজুৱতিৰ কথা আহে । এক কথাত বান্দৰ কেঁকোৱা এক আতংকৰ নাম । গাত লাগিলে ইয়াৰ খজুৱতি ইমানে বেছি যে সহ্য কৰিব নোৱাৰি । যাৰ বাবে সকলোৱে ইয়াৰ পৰা আঁতৰত থাকে । কিন্তু এই বান্দৰ কেঁকোৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এডভাণ্টেজ আছাম ২.০ সন্মিলনত ।
গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ বুধবাৰে সামৰণি পৰে যদিও আজিৰে পৰা সাধাৰণ ৰাইজৰ বাবে ইয়াৰ প্ৰদৰ্শনী মুকলি কৰি দিয়া হৈছে । এই প্ৰদৰ্শনীতে বিশেষভাৱে সমাদৃত হৈছে বান্দৰ কেঁকোৱা । খজুৱতিৰ বাবে ভয় থাকিলেও বান্দৰ কেঁকোৱাৰ আছে ঔষধি গুণ ।
বান্দৰ কেঁকোৱাৰ সেই ঔষধি গুণক লৈ এডভাণ্টেজ আছাম ২.০ ৰ প্ৰদৰ্শনী শুৱনি কৰিছে এখন বিশেষ বিপণীয়ে । যাৰ আঁৰত আছে এজন অসমীয়া । অৱশ্যে কেইবাজনো লোক এই ক্ষেত্রত জড়িত হৈ আছে । তেওঁলোকে বান্দৰ কেঁকোৱাক ব্যৱসায়িক ভিত্তিত খেতি কৰি ইয়াৰ প্ৰছেছিং কৰি বজাৰলৈ উলিয়াই আনিছে । বান্দৰ কেঁকোৱাৰ গুটি শুকুৱাই পাউডাৰ হিচাপে পেকেটিং কৰি বজাৰলৈ উলিয়াই দিছে । যাৰ চাহিদা যথেষ্ট বেছি ।
এই সন্দৰ্ভত ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত গৌতম কলিতাই কয়,"অতীজৰে পৰা বান্দৰ কেঁকোৱা মানুহে খাই আহিছে, বিশেষকৈ পাহৰীয়া মানুহে খোৱা দেখা যায় আৰু এই সম্পৰ্কে বহুতো ৰেচিপি পোৱা যায় । যেতিয়া বান্দৰ কেঁকোৱা আমি সদায় খোৱা ফ্ৰেন্সবীনৰ নিচিনা সেউজীয়া হৈ থাকে তেতিয়া তাক ৰান্ধি খোৱা দেখা যায় । ইয়াৰ পূৰৈঠ গুটিটোও ৰাজমা বা ঘুগুণীৰ নিচিনা বনাই খাব পাৰি । লগতে ইয়াৰ ধুনীয়া বেঙুনীয়া ফুলপাহো সিজাই খায় । ব্রাজিলত ইয়াক কফি বা চাহৰ দৰে বৃহৎ সংখ্যক মানুহে পান কৰে । বান্দৰ কেঁকোৱা স্বাস্থ্যৰ বাবে অতি উত্তম, এটা উত্তম ভিটামিন বুলি কোৱা হয় ।"

তেওঁ লগতে কয়, "আমাৰ মানুহে বান্দৰ কেঁকোৱা খাবলৈ ভয় কৰে । ইয়াৰ কাৰণ হ'ল ইয়াৰ শুংবোৰ বতাহত উৰি আহি আমাৰ চালত লাগিলে বহুত খজুৱায় । গতিকে তাৰ ওচৰলৈ যাবলৈ ভয় কৰে আৰু সেইটো হ'ল বনৰীয়া প্ৰজাতিৰ বান্দৰ কেঁকোৱা । কিন্তু অতিকৈ সুখৰ কথা যে আধুনিক বিজ্ঞান প্ৰযুক্তিৰ আশীৰ্বাদত বান্দৰ কেঁকোৱাৰ খজুৱতিৰ চৰিত্ৰটো নোহোৱা কৰি ইয়াক ঘৰুৱাভাৱে খেতি কৰিবলৈ সুবিধা কৰি দিছে । যিটো মানৱ জাতিৰ বাবে আশীৰ্বাদস্বৰূপ হৈছে আৰু ইয়াৰ খেতি কৰি স্বাস্থ্যজনিত সুবিধাখিনি লব পাৰি । গতিকে এতিয়া আমি ঘৰুৱাভাৱে ইয়াৰ খেতি আৰম্ভ কৰিছোঁ । এটা উল্লেখনীয় কথা এই যে কিছুমান ঔষধ প্ৰস্তুত কৰণত বান্দৰ কেঁকোৱা ন'হলে ঔষধ প্রস্তুতেই নহয় । ইয়াৰ উপৰিও বান্দৰ কেঁকোৱাৰ খেতি কৰিলে সেই মাটিডৰাৰ উৰ্বৰতা বৃদ্ধি হয়, মাটিডৰা জীপাল কৰি ৰাখে, বৰষুণত মাটি খহাই যোৱাৰ পৰা ৰক্ষা কৰে ।"

তেওঁ কয়, "আমি যোৱা বছৰৰ পৰা বান্দৰ কেঁকোৱাৰ খেতি আৰম্ভ কৰিছোঁ । আমি খেতি কৰা বান্দৰ কেঁকোৱাটোৰ খজুৱতি নহয় । আমি যোৰহাটৰ পৰা ইয়াৰ বীজ আনিছোঁ । বান্দৰ কেঁকোৱাৰ আয়ুৰ্বেদিক তত্ব আছে । আমি খাই ইয়াৰ গুণাগুণবোৰ পালোঁ । ক্ষেত্রীত আমাৰ ফাৰ্ম আছে আৰু তাতে উৎপাদন হয় । আমি পেকেটিং বেলতলাত কৰোঁ । বৰ্তমান আমি ছয় বিঘা মান মাটিত ইয়াৰ খেতি কৰোঁ । ৩০ বিঘা ভূমিত খেতি কৰাৰ আমাৰ পৰিকল্পনা আছে । দেশৰ বিভিন্ন প্ৰান্তত আমি যোগান ধৰোঁ । বিদেশত এইবাৰৰ পৰা আমি যোগান ধৰিম । এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ যোগেদি বিদেশৰ সৈতে আমাৰ যোগাযোগ হৈছে । কুৱেইট, ছিংগাপুৰ আদি ৰাষ্ট্ৰৰ সৈতে আমাৰ কথা হৈছে । আনহাতে আমি শ্ৰেষ্ঠ মানসম্পন্ন হালধিৰো খেতি আৰম্ভ কৰিছো ।"
স্বাস্থ্যৰ বাবে উপকাৰী কি কি গুণ আছে বান্দৰ কেঁকোৱাৰ:
বান্দৰ কেঁকোৱাৰ ঔষধি গুণ সন্দৰ্ভত গৌতম কলিতাই কয়, "ইয়াৰ স্বাস্থ্যজনিত বহুত উপকাৰ আছে । এণ্টি ডিপ্রেছন, এণ্টি পার্কিনচন, এণ্টি এজিং, টেষ্টটেৰণৰ মাত্ৰা বৃদ্ধি, দোপামাইনৰ মাত্ৰা বৃদ্ধি, যৌন ক্ষমতা বৃদ্ধি, স্নায়ু আৰু মগজু তন্ত্ৰ বৃদ্ধি, সন্তানহীনৰ সন্তান প্রাপ্তিৰ সম্ভাৱনা বৃদ্ধি, কলেষ্টেৰল নিয়ন্ত্ৰণ, পাচনতন্ত্ৰ উন্নত কৰা, তেজৰ চেনী হ্ৰাস কৰা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, বিষমুক্ত কৰা, এণ্টি মাইক্ৰবিয়েল, এণ্টি অক্সিডেণ্ট, টিউমাৰ প্ৰতিৰোধ আদি বহু গুণৰ অধিকাৰী এই বান্দৰ কেঁকোৱা ।"