গুৱাহাটী : "বিকাশৰ ১২ দিনৰ যোগেদি আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম । ১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিম । এনেদৰে প্ৰায় ৩০ লাখ লোকক বা ১৫ লাখ পৰিয়ালক এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ যোগেদি আমি সহায় কৰিব পাৰিম । বিকাশৰ ১২ টা দিনত মই আৰু মন্ত্রীসকলে আঁচনিসমূহৰ সুফলসমূহ ৰাজ্যবাসীক দিয়াৰ প্ৰয়াস কৰিম ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।
ওড়িশা চৰকাৰৰ নিমন্ত্ৰণক্ৰমে ৰাজ্যখনলৈ যোৱা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ভুৱনেশ্বৰৰ পৰা বৃহস্পতিবাৰে নিশা সামাজিক মাধ্যমযোগে কেইবাটাও প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বহুকেইটা প্ৰকল্পত ভূটান চৰকাৰৰে কৰিব আলোচনা
ভূটান ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "১৭ ডিচেম্বৰত মই ভূটানলৈ যাম । ভূটানৰ ৰজাই তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসলৈ মোক বিশেষভাৱে নিমন্ত্ৰণ জনাইছে । ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ । যোৱা বছৰ ভূটানৰ ৰজা অসমলৈ আহিছিল । এইবাৰ তেখেতে মোক নিমন্ত্ৰণ কৰিছে । অনাগত দিনত ভূটানৰ সৈতে আমাৰ সু-সম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা, ভূটানৰ পানীৰে উন্নত খোৱাপানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ আনি অসমৰ বিদ্যুতৰ নাটনি জোৰা মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম । গুৱাহাটীৰ পৰা ভূটানৰ গেলেফুলৈ এটা ৰে'ল লাইন নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে । মোৰ ভূটান ভ্ৰমণৰ সময়ত এই বিষয়টো আলোচনা কৰিম ।"
নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত নিকা আৰু স্বচ্ছতা
নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "যোৱা চাৰে তিনি বছৰত আমি সকলো পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত নিযুক্তি দিবলৈ সক্ষম হৈছোঁ । এইটো আমাৰ চৰকাৰৰ সৰ্বকালৰ সফলতা হিচাপে থাকি যাব । ২০১২ চনত মই শিক্ষা মন্ত্রী হৈ থাকোঁতে শিক্ষক নিযুক্তিত স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ । আজি ২০২৪ চন পাৰ হৈ যাব আৰু ২০২৫ত আমি ভৰি দিম । যোৱা ১৩ টা বছৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক আমি দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱাটো আমি স্থায়ী কৰিব পাৰিলোঁ । যোৱা তিনিটা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ । এইবাৰ এ ডি আৰ ই পৰীক্ষা যদি সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিব পাৰোঁ তেন্তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষা নিৰ্মল গংগাত পৰিণত হ'ব । অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ ।"
কংগ্ৰেছক কঠোৰ সমালোচনা
কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়, "আমাক সমালোচনা কৰাসকলে আকৌ এবাৰ চিন্তা কৰি চাওক যে অসমত কংগ্ৰেছ দলৰ মুখ্যমন্ত্রী এজন তথা কংগ্ৰেছ চৰকাৰ থাকিলে চৰকাৰী চাকৰিত এনে নিৰ্মলতা-স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি । কংগ্ৰেছে সেই শাসনকাললৈ মনত পেলাওক । ডাঙৰ ডাঙৰ মন্ত্রীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী ঘৰৰ ল'ৰা-ছোৱালীয়ে উপঢৌকন দি চাকৰি পাইছিল । ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি কংগ্ৰেছৰ দিনৰ । আমাৰ শাসনকালত সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ । সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ ।"
খিলঞ্জীয়া জাতিসত্তাৰ উত্থানৰ প্ৰসংগ
খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "অসমৰ আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটা মৰাণ আৰু মটক । মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে একোটাকৈ মেজিষ্ট্ৰেটৰ পদ আৰু ডি এছ পি পদ সংৰক্ষণ কৰিম । এইবাৰ মৰাণ আৰু মটক জনগোষ্ঠিৰ স্বাগতা বৰুৱা আৰু সেউজ দহোটীয়াই এই সংৰক্ষিত আসনত এ চি এছত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । ঠিক তেনেধৰণে ত্রিনয়ন দত্ত আৰু প্ৰাচিত মৰাণে ডি এছ পি পদত সংৰক্ষিত আসনত নিযুক্তি পাবলৈ সক্ষম হ'ল । তদুপৰি, মটক জনগোষ্ঠিৰ তিনিগৰাকী যুৱক-যুৱতীয়ে মেধাৰ ভিত্তিত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয় । আমি খিলঞ্জীয়া জাতিসত্তাৰ উত্থানৰ বাবে কাম কৰি আছোঁ । এই কামবোৰ আগৰ চৰকাৰৰ দিনটো হ'ব পাৰিলে হয় । কিন্তু আজি আমি সেই দায়িত্বসমূহ পালন কৰিছোঁ ।"
মন্ত্রীসভাৰ সম্প্ৰসাৰণ
মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "মন্ত্রীসভাৰ সম্প্ৰসাৰণ হ'ল । মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ পাছত অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপেশ গোৱালাক গৃহ মন্ত্রীৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰত কাম কৰিবলৈ আমি সুবিধা দিছোঁ । বৰাকৰ পৰা দুজনক আমি মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰিছোঁ । অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এক বিশ্বাসৰ বাতাৱৰণ নিৰ্মাণ কৰিবলৈ আমি প্ৰচেষ্টা কৰিছোঁ ।"
নৱবৰ্ষ উদযাপনৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ আহ্বান
নতুন বছৰ উদযাপনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আনন্দৰ মাজতে বহু পৰিয়ালত দুখৰ বন্যাও আহে । বিশেষকৈ এই সময়ছোৱাত গাড়ী-মটৰৰ দুৰ্ঘটনা বৃদ্ধি পায় । আনন্দ-উছাহৰ মাজতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে । ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা । মই অসমবাসী ৰাইজক আহ্বান জনাম যে আমি নতুন বছৰক আদৰণি জনোৱাৰ সময়ত মটৰচাইকেল চলোৱাৰ সময়ত হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ । মই সকলোকে অনুৰোধ জনাম যে ঘৰৰ মানুহজনক হেলমেট পিন্ধাৰ বাবে মনত পেলাই দিব । সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সন্মুখীন হৈছোঁ । সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ দায়িত্ব । এই দায়িত্ব প্ৰতিটো পৰিয়ালৰ । নিজেই আমি সাৱধান হ'ব লাগিব । কুঁৱলীৰ বাবেও দুৰ্ঘটনা হয় । দেৰগাঁৱৰ সেই ঘটনা আজিও মোৰ মনত আছে । পিকনিক খাব গ'লে সময়মতে আহিব লাগে । ড্ৰাইভাৰক সুৰাপান কৰিবলৈ নিদিব ।"
নামৰূপ সাৰ কাৰখানাৰ প্লাণ্ট আৰু এডভাণ্টেজ অসম
নামৰূপ সাৰ কাৰখানা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "নামৰূপ সাৰ কাৰখানা প্লাণ্টৰ নিৰ্মাণৰ কামত আমি প্ৰায় আগবাঢ়ি গৈছোঁ । ৯৫ শতাংশ সফলতা আমি ইতিমধ্যে লাভ কৰিছোঁ । মই ভাবোঁ যে ভাৰত চৰকাৰৰ কেবিনেটত ইয়াৰ ইতিবাচক ঘোষণা আমি কিছুদিনৰ ভিতৰতে শুনিবলৈ পাম । সেইদৰে ব্ৰক্ষ্মপুত্রৰ ওপৰত কেইবাখনো দলং আৰু আন বহু প্ৰকল্পৰ সম্ভাৱনা লৈ আমি এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত আৰম্ভ কৰিম ।"
সমস্যাৰ সমাধান হ'ব জানুৱাৰীত
মুখ্যমন্ত্রীয়ে লগতে কয়, "অহা জানুৱাৰী মাহৰ পৰা বহুত দিনে জমা হৈ থকা কিছুমান সমস্যা সমাধানৰ কামত হাত দিম । চৰকাৰৰ লগত কাম কৰি থকা বহু ব্যক্তিৰ, বহু অনুষ্ঠানৰ, বহু সংগঠনৰ বহু সমস্যা আছে ।"
বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্রী
বাংলাদেশৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "বাংলাদেশত বাস কৰা হিন্দু সমাজখনে সন্মুখীন হোৱা অবৰ্ণনীয় অত্যাচাৰ আৰু শোষণৰ ঘটনাই আমাৰ মনটো ব্যথিত কৰি ৰাখিছে । কিধৰণে এখন ইছলামিক ৰাষ্ট্ৰত সংখ্যালঘিষ্ঠ হিন্দু সমাজখনৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হৈছে । সেয়া আমাৰ বাবে চিন্তাৰ বিষয় । যিখন ৰাষ্ট্ৰত স্বাধীনতা পোৱাৰ ক্ষেত্রত ভাৰতবৰ্ষই আটাইতকৈ বেছি সহায় কৰিছিল আজি সেইখন ৰাষ্ট্ৰই আমাৰ সমাজখনক চলোৱা অত্যাচাৰে আমাৰ মন স্বাভাৱিকতে ক্ষোভিত কৰি তুলিছে । মই আশাকৰোঁ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত আমি বাংলাদেশৰ হিন্দু সমাজক সুৰক্ষিত কৰিব পাৰিম ।"