গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ সফল সমাপ্তিৰ পাছত আজিৰে পৰা খানাপাৰাৰ খেলপথাৰ সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় । বুধবাৰলৈকে খানাপাৰৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আছিল । সাধাৰণ জনতাৰ বাবে প্ৰৱেশত বাধা আছিল ।
এডভাণ্টেজ আছাম ২.০ৰ বিশেষ পাছ থকা সকলৰ বাবেহে প্ৰৱেশত অনুমতি আছিল । কিন্তু আজিৰে পৰা প্ৰৱেশত কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নাই । সকলোৱে চাব পাৰিব এডভাণ্টেজ আছাম ২.০ৰ প্ৰদৰ্শনী ।
Come be a part of history!
— Himanta Biswa Sarma (@himantabiswa) February 27, 2025
As the formal engagements of Advantage Assam came to a close yesterday, we are throwing up the Advantage Assam exhibition open to the public from 27 Feb to 1 March. Everyone can witness the growth story our industries have scripted.
Do visit. pic.twitter.com/4Aca0DmJ5h
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত "ঝুমইৰ বিনন্দিনী" অনুষ্ঠান উপভোগ কৰাৰ পাছত সিদিনা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । ইয়াৰ পাছতে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এডভাণ্টেজ আছাম ২.০ সন্মিলন । য'ত অংশ গ্ৰহণ কৰিছিল বিভিন্ন ৰাষ্ট্ৰৰ অৰ্ধ শতাধিক ৰাষ্ট্ৰদূতৰ উপৰি দেশ-বিদেশৰ কেইবাশ বিনিয়োগকাৰীয়ে ।

এডভান্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰিলোঁ। বিগত দশকত অসমত উল্লেখযোগ্য উন্নয়ন পৰিলক্ষিত হৈছে, যিবোৰে ৰাজ্যখনক বিনিয়োগৰ আকর্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে৷ এই সন্মিলনে ৰাজ্যৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ সুযোগসমূহ উজ্জ্বল কৰি তোলাত বহুদূৰ আগবাঢ়ি যাব। pic.twitter.com/YO4iZcKjLl
— Narendra Modi (@narendramodi) February 25, 2025
আম্বানী আৰু আদানীকে ধৰি দেশৰ শীৰ্ষৰ উদ্যোগপতি সকলেও সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ বিনিয়োগৰ বহু কেইটা উল্লেখযোগ্য ঘোষণা কৰিছিল । তদুপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মিলনৰ শোভা বৰ্ধন কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰাৰ পাছতে দুটা দিন অনুষ্ঠিত হৈছিল এডভাণ্টেজ আছাম ২.০ সন্মিলন । সন্মিলনত বহুকেইখন গুৰুত্বপূৰ্ণ অধিৱেশন অনুষ্ঠিত হৈছিল ।
ৰাজ্যৰ বিস্তৃত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰা এডভান্টেজ আছামৰ প্ৰদৰ্শনীলৈ গ'লো। এয়া ইয়াৰ কিছু আভাস। pic.twitter.com/Atfj26NuDa
— Narendra Modi (@narendramodi) February 24, 2025

লগতে পঢ়ক : অসমত হ'ব মেদাণ্ট দ্য মেডিচিটিৰ ছুপাৰস্পেচিয়েলিটি হাস্পতাল : বিনিয়োগ কৰিব এহাজাৰ কোটি টকা লগতে পঢ়ক : এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ দ্বিতীয় দিনাও দীঘলীয়া শাৰীত বিনিয়োগকাৰী |
সমান্তৰালকৈ হৈছিল বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি । দুটা দিনৰ ব্যাপক কাৰ্যসূচীৰ পাছত বুধবাৰে সন্ধিয়া সামৰণি পৰে এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হৈ যোৱা এডভাণ্টেজ আছাম ২.০ সন্মিলনত আদানী-আম্বানীৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ তিনি শতাধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰিছিল ।

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এই দুদিনীয়া সন্মিলনখনত মুঠ ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অৰ্থাৎ সন্মিলনত ৪,৯১,৫০০ কোটি টকাৰ ধন বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় । অৱশ্যে ইয়াৰে কিমান পুঁজি প্ৰকৃতাৰ্থত বিনিয়োগ হয় সেই কথা সময়েহে ক'ব ।
Come be a part of history!
— Himanta Biswa Sarma (@himantabiswa) February 27, 2025
As the formal engagements of Advantage Assam came to a close yesterday, we are throwing up the Advantage Assam exhibition open to the public from 27 Feb to 1 March. Everyone can witness the growth story our industries have scripted.
Do visit. pic.twitter.com/4Aca0DmJ5h
অসমৰ বাবে এখন ৰাজ্যৰ বাবে বিনিয়োগৰ এই প্ৰস্তাৱে নিঃসন্দেহে আশাৰ বতৰা কঢ়িয়াই আনিছে । এই বিয়াগোম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সামৰণি পৰাৰ পিছত আজিৰে পৰা খানাপাৰাৰ খেলপথাৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে । বিশেষকৈ এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ প্ৰদৰ্শনী আজিৰে পৰা ১ মাৰ্চলৈ ৰাইজে চাব পাৰিব ।

পাঁচটাকৈ পেভিয়নত আছে বহু বিপনী । য'ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা কোম্পানীৰ লগতে বহু উদ্যোগীয়ে নিজৰ নিজৰ আৱিষ্কাৰ তথা সামগ্ৰী দাঙি ধৰিছে । আনহাতে বহু থলুৱা উদ্যোগীয়েও অংশ গ্ৰহণ কৰিছে । আজিৰে পৰা সাধাৰণ ৰাইজে প্ৰদৰ্শনী উপভোগ কৰিব পাৰিব । পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ ৰাইজে প্ৰদৰ্শনী চাব পাৰিব । শনিবাৰে সন্ধিয়া ৬ বজালৈ চাব পাৰিব প্ৰদৰ্শনী ।