লাহোৰ : চলিত চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ বিৰ এক গুৰুত্বপূৰ্ণ মেচত আফগানিস্তানে ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতাত ইংলেণ্ডক ৮ ৰাণত পৰাস্ত কৰে । এই বিজয়েৰে আফগানিস্তানে ছেমিফাইনেলৰ আশা সজীৱ কৰি ৰাখিছে । আনহাতে, ইংলেণ্ড প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় ।
আই চি চিৰ এই সন্মানীয় প্ৰতিযোগিতাখনত এয়া আছিল ইংলেণ্ডৰ একেৰাহে দ্বিতীয়টো পৰাজয় । অন্তিম অ'ভাৰত জয়ৰ বাবে ইংলেণ্ডক ১৩ ৰাণৰ প্ৰয়োজন আছিল । কিন্তু সুন্দৰ বলিঙেৰে আজমাতুল্লাহ ওমৰজায়ে মাত্ৰ চাৰি ৰাণহে খৰচ কৰে আৰু অন্তিম উইকেটটো দখল কৰি মেচ নিজৰ দখললৈ নিয়ে ।
𝐀𝐅𝐆𝐇𝐀𝐍𝐈𝐒𝐓𝐀𝐍 𝐁𝐄𝐀𝐓 𝐄𝐍𝐆𝐋𝐀𝐍𝐃! 🙌
— Afghanistan Cricket Board (@ACBofficials) February 26, 2025
Afghanistan has successfully defended their total and defeated England by 8 runs to register their first-ever victory in the ICC Champions Trophy. 🤩
This marks Afghanistan's second consecutive victory over England in ICC… pic.twitter.com/wHfxnuZiPc
৩২৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে আৰম্ভণিতে ফিলিপ ছল্ট আৰু জেমি স্মিথৰ উইকেট দুটা হেৰুৱায় । তাৰ পিছত এটা প্ৰান্তত দৃঢ়তাৰে জো ৰুটে লক্ষ্য অনুসৰণ কৰি আছিল যদিও আনটো প্ৰান্তত কিন্তু ধাৰাবাহিকভাৱে উইকেট পৰি আছিল ।
ৰুটে ১১টা চাৰি আৰু এটা ছয়ৰ সহায়ত ১১১ টা বলত ১২০ ৰাণ সংগ্ৰহ কৰিলেও তেওঁ শেষ ৰক্ষা কৰিব নোৱাৰিলে । কিয়নো আজমাতুল্লাহ ওমৰজাইৰ বলিঙত ৰুট আউট হোৱাৰ পিছতে মেচখনে ৰোমাঞ্চকৰ মোৰ লয় । সেই সময়ত জয়ৰ বাবে ইংলেণ্ডক ২৫ টা বলত ৩৯ ৰাণৰ প্ৰয়োজন আছিল । আনহাতে, ক্ৰীজত আছিল জেমি অভাৰটন আৰু জোফ্ৰা আৰ্চাৰ ।
অভাৰটনে ২৮ টা বলত ৩২ ৰাণ সংগ্ৰহ কৰি আউট হয় । ইংলেণ্ডক অন্তিম দুটা অভাৰত জয়ৰ বাবে ১৬ ৰাণৰ প্ৰয়োজন আছিল । তেনে অৱস্থাত অন্তিম অভাৰত বলিং কৰিবলৈ অহা বলাৰ উমৰাইজে ইংলেণ্ডক পৰাস্ত কৰাৰ ক্ষেত্ৰত নিজৰ মনোবল অটুট ৰাখিছিল ।
Afghanistan take an absolute nail-biter to stay alive in the #ChampionsTrophy 2025 🤯📈#AFGvENG ✍️: https://t.co/6IQekpiozs pic.twitter.com/b3PUb6jfZo
— ICC (@ICC) February 26, 2025
অৱশেষত নিৰ্ধাৰিত অভাৰৰ দুটা বল বাকী থকা অৱস্থাত ইংলেণ্ড দলটোৱে ৩১৭ ৰাণত আটাইকেইটা উইকেট বিসৰ্জন দিয়ে । অসাধাৰণ বেটিং প্ৰদৰ্শনৰ বাবে ইব্ৰাহিম জাদৰানক প্লেয়াৰ অব দ্য মেচ বঁটা প্ৰদান কৰা হয় ।
উল্লেখ্য যে, দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ মেচখনত আফগানিস্তানে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । ইব্ৰাহিম জাদৰানৰ বিস্ফোৰক বেটিঙৰ সৌজন্যত আফগানিস্তানে জয়ৰ বাবে ইংলেণ্ডৰ সন্মুখত ৩২৬ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । অৱশ্যে আফগানিস্তানৰ ইনিংছৰ আৰম্ভণি ভাল নাছিল । কিয়নো মাত্ৰ ৩৭ ৰাণতে তিনিটা উইকেট হেৰুৱাইছিল ।
কিন্তু চতুৰ্থ উইকেটত ইব্ৰাহিম জাদৰানে হাছমাতুল্লাহ শ্বাহিদীৰ (৪০) সৈতে ১০৩ ৰাণৰ এক সুন্দৰ পাৰ্টনাৰশ্বিপ আৰু পঞ্চম উইকেটত আজমাতুল্লাহ ওমৰজাইৰ (৪১) সৈতে ৭২ ৰাণ সংগ্ৰহ কৰি দলটোক এক বৃহৎ স্ক'ৰত উপনীত কৰাত সহায় কৰে । তাৰ মাজতে জাদৰানেও তেওঁৰ শতক সম্পূৰ্ণ কৰে ।
A knock for the ages 💪
— ICC (@ICC) February 26, 2025
Ibrahim Zadran's sensational century – the highest score in #ChampionsTrophy history – wins him the @aramco POTM award 🎖️ pic.twitter.com/ve6anYL6Jb
আনহাতে, শেষৰ ফালে মহম্মদ নবীয়ে ২৪ টা বলত ৩টা ছয় আৰু ২টা চাৰিৰে ৪০ ৰাণৰ এক মাৰমুখী ইনিংছ উপহাৰ দিয়ে । যাৰ ফলত আফগানিস্তান দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩২৫ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ জোফ্ৰা আৰ্চাৰে ৩টা, লিয়াম লিভিংষ্টনে ২টা উইকেট দখল কৰে । আনহাতে, জেমি অভাৰটন আৰু আদিল ৰছিদে এটাকৈ উইকেট দখল কৰে ।