ETV Bharat / politics

চাৰে এঘাৰৰ অংক সলনি; মুখ্যমন্ত্ৰীৰ মতে 11 খন আসনত বিজেপিৰ জয় নিশ্চিত অসমত

author img

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 5:51 PM IST

Lok sabha election 2024: লোকসভা নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ এৰিব বহু নেতাই ৷ নগাঁৱত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷ দেৱব্ৰত শইকীয়াৰ বিজেপিত যোগদান সন্দৰ্ভতো মাতৃ হেমপ্ৰভা শইকীয়াৰ সৈতে আলোচনা কৰিব বুলি ক’লে মুখ্যমন্ত্ৰীয়ে ৷

Lok sabha election 2024
Lok sabha seats in Assam
মুখ্যমন্ত্ৰীৰ মন্তব্য

নগাঁও, 25 ফেব্ৰুৱাৰী: দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বিভিন্ন চৰকাৰী আঁচনিৰ শুভাৰম্ভৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন আৰু সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ কয় যে চাৰে এঘাৰখন নহয়, লোকসভাৰ এঘাৰখন আসনত জয় নিশ্চিত বিজেপিৰ ।

২০২৬ চনলৈ কোন কোন থাকিব কংগ্ৰেছ কাৰ্যালয়ত আৰু কাৰ কাৰ গেৰাণ্টী নাই মুখ্যমন্ত্ৰীয়ে সেয়াও ক’লে সংবাদ মাধ্যমৰ সন্মুখত । বিজেপিত যোগদান সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ মাতৃৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে দেৱব্ৰত শইকীয়াৰ মাতৃৰ সৈতে ঘনিষ্ঠতা আছে, সেয়ে দেৱব্ৰত শইকীয়াৰ বিজেপি যোগদান প্ৰসংগত প্ৰাক্তন বিধায়িকা হেমপ্ৰভা শইকীয়াৰ সৈতে কথা পাতিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে ৰাণা গোস্বামীৰ বিজেপিত যোগদানৰ সন্দৰ্ভত কোনো খবৰ তেওঁৰ হাতত নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মাত্ৰ কেইগৰাকীমান মুষ্টিমেয় বিধায়কৰ বাহিৰে আন কোনো কংগ্ৰেছ নেতাৰে গেৰাণ্টী নাই বুলি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

২০২৬ চনলৈ অসম কংগ্ৰেছ কাৰ্যালয়ত কোন কোন থাকিব তাৰো আভাস দিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ নেতা তথা একালৰ বন্ধু ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, জাকিৰ হুছেইন শিকদাৰ, আব্দুৰ ৰচিদ মণ্ডলৰ দৰে কেইগৰাকীমান কংগ্ৰেছ নেতাৰহে গেৰাণ্টী দিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । ২০২৬ চনলৈ এইগৰাকী নেতাহে কংগ্ৰেছ কাৰ্যালয়ত থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

ইপিনে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈও মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ায় ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এতিয়া নগাঁও লোকসভা সমষ্টিৰ সাংসদ কোন সেয়া ধৰিবই নোৱাৰি বুলি মন্তব্য কৰে ড৹ শৰ্মাই । লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব তাক লৈ ইমান চিন্তা কৰা নাই ।

বিগত কিছুদিনৰ পৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাৰে এঘাৰখন আসনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰি আহিছে যদিও দেওবাৰে হঠাৎ কিছু সুৰ সলনি হ'ল ড৹ শৰ্মাৰ । পূৰ্বৰ চাৰে এঘাৰৰ বিপৰীতে এতিয়া এঘাৰখন আসন বিজেপিৰ হাতত থকা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.